নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখ লাখ টকা লৈ এজেণ্টৰ প্রতাৰণা: কানাডাই খেদিব ৭০০ ভাৰতীয়ক

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: কানাডাৰ কলেজত অধ্যয়নৰ বাবে লাখ লাখ টকা লৈ ‘অফাৰ লেটাৰ’ দিছিল এজন এজেণ্টে৷ চাৰি বছৰ পাছত সেই কথা পোহৰলৈ অহাৰ পিছত কানাডা চৰকাৰে ৭০০ ভাৰতীয়ক দেশখনৰ পৰা বিতাড়নৰ তৎপৰতা চলাইছে৷ যিগৰাকী এজেণ্টৰ বিৰুদ্ধে প্রতাৰণাৰ অভিযোগ উঠিছিল, সেই প্রতাৰক এতিয়া পলাতক৷ সংবাদ সংস্থা ইণ্ডিয়ান এক্সপ্রেছত প্রকাশ পোৱা এক প্রতিবেদন অনুসৰি, তিনি–চাৰি বছৰ পূর্বে ৭০০ৰো বেছি শিক্ষার্থীৰ পৰা লাখ লাখ আদায় কৰিছিল ব্রিজেশ মিশ্র নামৰ এগৰাকী এজেণ্টে৷ কানাডাৰ কলেজত শিক্ষা লাভৰ সুযোগ দিব বুলি লাখ লাখ টকা আদায় কৰিছিল প্রতাৰক ব্রিজেশে৷ এইক্ষেত্রত শিক্ষার্থীসকলক ভুৱা অফাৰ লেটাৰো প্রদান কৰিছিল প্রতাৰকটোৱে৷ ইফালে, কানাডাৰ কলেজত মাচুল তথা অন্যান্য খৰচৰ বাবদো বিপুল পৰিমাণৰ অর্থ সংগ্রহ কৰিছিল ব্রিজেশ মিশ্রই৷ লক্ষণীয়ভাৱে কানাডাৰ কলেজত অধ্যয়নৰ পিছত ডিগ্রীও লাভ কৰে এই ভাৰতীয়সকলে৷ আনকি সেই ডিগ্রীৰ জৰিয়তে কানাডাত চাকৰিও লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় শিক্ষার্থীসকলে৷ শেহতীয়াকৈ কানাডাৰ নাগৰিকত্ব লাভৰ বাবে এই ভাৰতীয় কর্মীসকলে আবেদন জনোৱাৰ পিছত এজেণ্টে প্রতাৰণা কৰি দেশখনত ভাৰতীয় শিক্ষার্থীসকলক প্রৱেশৰ সুযোগ দিয়াৰ তথ্য পোহৰলৈ আনে দেশখনৰ ব’ডাৰ ছিকিউৰিটী এজেঞ্চীয়ে৷ পঞ্জাবৰ জলন্ধৰৰ এডুকেচন মাইগ্রেচন ছার্ভিচেছ নামৰ এটা সংস্থাৰ মুৰব্বী আছিল ব্রিজেশ৷ এই সংস্থাটোৱে কানাডাৰ কলেজত নামভর্তিৰ বাবে নথি–পত্র জমা লোৱা আৰু কলেজবোৰৰ পৰা অফাৰ লেটাৰ দিয়াৰ নামত বিপুল পৰিমাণৰ অর্থ সংগ্রহ কৰিছিল৷ কিন্তু এইক্ষেত্রত কানাডাৰ কোনোধৰণৰ অনুমোদন নাছিল৷

You might also like