নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শত্রু দেশৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ বাবে সাজু উত্তৰ কোৰিয়া

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: পৰমাণু ক্ষেপণাস্ত্রৰ পৰীক্ষাৰ পাছতে পাশ্চাত্যৰ বিশ্বক ভাবুকি প্রদান কৰিলে কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে৷ কালি কিমে ইউৰোপ–আমেৰিকালৈ সকীয়নি প্রদান কৰি কয়– ‘শত্রুবোৰক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ দেশ পৰমাণু যুদ্ধৰ বাবে সম্পূর্ণৰূপে সাজু৷’ বুধবাৰে ২০০০ কিলোমিটাৰ দূৰত্বভেদী পৰমাণু অস্ত্র বহনৰ ক্ষমতাসম্পন্ন দুটা ক্রুইজ ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিছিল উত্তৰ কোৰিয়াই৷ এই পৰীক্ষাক উত্তৰ কোৰিয়াৰ পৰমাণু যুদ্ধৰ প্রস্তুতিৰ অংশ বুলি ধাৰণা কৰিছে সামৰিক বিশেষজ্ঞসকলৰ একাংশই৷ উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে পাৰমাণৱিক আক্রমণ ক্ষমতাক বিচাৰ কৰি চাবলৈ দুটা ক্ষেপণাস্ত্র পৰীক্ষা কৰা হৈছিল৷ এনে পৰিস্থিতিত দেশখনৰ শীর্ষ নেতা কিমৰ বক্তব্য তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

স্মর্তব্য যে চলিত বর্ষৰ আৰম্ভণিতে উত্তৰ কোৰিয়াই ধাৰাবাহিকভাৱে মধ্যম তথা দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্রৰ পৰীক্ষা আৰম্ভ কৰাৰ পাছতেই কিমৰ ‘গোপন পৰমাণু পৰিকল্পনা’ক লৈ সন্দেহ প্রকাশ কৰিছিল আমেৰিকা–ইউৰোপৰ দেশসমূহে৷ ইয়াৰ পূর্বে ২০১৫ চনত উত্তৰ কোৰিয়াৰ পূব উপকূলৰ পুনেগেৰি অঞ্চলৰ খননকার্য আমেৰিকাৰ চোৰাংচোৱা উপগ্রহই ধৰা পেলাইছিল৷ সেই সময়তো উত্তৰ কোৰিয়াৰ পৰমাণু পৰীক্ষাৰ প্রস্তুতিক লৈ শংকাৰ কথা প্রকাশ পাইছিল হোৱাইট হাউছৰ বিবৃতিত৷ তাৰ ডেৰ বছৰ পাছতেই পৰমাণু বোমাৰ পৰীক্ষা চলাইছিল উত্তৰ কোৰিয়াই৷ এইবাৰ কিমে নিজেই পৰমাণু যুদ্ধৰ প্রস্তুতিৰ কথা ঘোষণা কৰাৰ লগে লগে ইউৰোপ–আমেৰিকাত সৃষ্টি হৈছে আশংকা৷ কাৰণ কিমৰ দৰে নেতাই গণবিধ্বংসী পৰমাণু অস্ত্র যিকোনো মুহূর্ততে শত্রু দেশৰ বিৰুদ্ধে প্রয়োগ কৰিব পাৰে বুলি বিশেষজ্ঞসকলে সতর্কবাণী কৰি আহিছে৷ অকল পাশ্চাত্যৰ বিশ্বই নহয়, উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীৰ শেহতীয়া বক্তব্যক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like