শীঘ্ৰে ভাৰতত 5G সেৱা
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ বিশ্বৰ প্ৰায়কেইখন দেশত এতিয়া 5G নেটৱৰ্ক উপলব্ধ হোৱাৰ বিপৰীতে ভাৰতত এইক্ষেত্ৰত এতিয়াও বহু পিছপৰি আছে। কিন্তু এতিয়া আৰু ভাৰত পিছপৰি ৰবলগীয়া নহব। নৱ আশা কঢ়িয়াই আনিছে আজি ঘোষিত বাজেটে।
ঘোষিত বাজেট অনুসৰি চলিত বছৰতে 5Gৰ বাবে নিলাম প্ৰক্ৰিয়া আৰম্ভ হব আৰু 2022-23 চনত ভাৰতবাসীয়ে 5G সেৱা লাভ কৰিব বুলি আশা কৰা হৈছে।
5G সেৱা আৰম্ভ হলে এক নতুন আশাৰ বতৰা আহিব নিবনুৱাসকলৰ বাবে। প্ৰত্যাশা অনুসৰি 5G সেৱাই বহু চাকিৰ সৃষ্টি কৰিব আৰু নিবনুৱাৰ সংখ্যাও যথেষ্টখিনি কমিব।