ষ্টিভেন নুচিনক কঠোৰ প্রত্যুত্তৰ গ্রেটাৰ
ডাভোছত আমেৰিকাৰ বিৰুদ্ধে সৰৱ জলবায়ু আন্দোলনৰ নেত্রী
নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনত পুনৰ আমেৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছুইডেনৰ জলবায়ু আন্দোলনৰ নেত্রী ষোড়শী গ্রেটা থুনবার্গ ৷ জীৱাশ্ম ইন্ধনৰ পৰা পৃথিৱীয়ে আঁতৰি আহিব লাগিব বুলি মন্তব্য কৰিছিল গ্রেটা থুনবার্গে ৷ ষোড়শীগৰাকীৰ এই মন্তব্য সন্দর্ভত মার্কিন কোষাগাৰ সচিব ষ্টিভেন নুচিনে প্রতিক্রিয়া প্রকাশ কৰি গ্রেটা থুনবার্গ এগৰাকী মুখ্য অর্থনীতিবিদ নেকি বুলিও প্রশ্নৰ অৱতাৰণা কৰিছিল ৷ অকল সেয়াই নহয়, কলেজত অর্থনীতি অধ্যয়ন কৰি আহি সকলোকে এই সন্দর্ভত থুনবার্গে ব্যাখ্যা আগবঢ়োৱা উচিত বুলিও ডাভোছত এখন সংবাদ মেলত মন্তব্য কৰে নুচিনে৷ মার্কিন কোষাগাৰ সচিবগৰাকীৰ এই মন্তব্যৰ পিছতে থুনবার্গে ইয়াৰ প্রত্যুত্তৰ দি কৈছে যে জলবায়ুৰ পৰিৱর্তনৰ মোকাবিলা কৰিবলৈ বিশ্বৰ দেশসমূহে যে কোনোধৰণৰ নীতি গ্রহণ কৰা নাই তাক বুজিবলৈ তেওঁৰ কলেজ বা বিশ্ববিদ্যালয়ৰ ডিগ্রীৰ প্রয়োজন নাই৷ উল্লেখনীয় যে মাত্র এদিন পূর্বে ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছিল পৃথিৱীত গছ ৰোপণৰ এক লাখ কোটি গছপুলি ৰোপণৰ বিষয়ত ট্রাম্পে প্রতিশ্রুতি দিয়াৰ পিছতে থুনবার্গে ট্রাম্পকো সমালোচনা কৰি কৈছিল যে জলবায়ুৰ সংকটটো কেৱল গছপুলি ৰোপণৰ সৈতে জড়িত হৈ থকা নাই৷ স্মর্তব্য যে জলবায়ু পৰিৱর্তন সন্দর্ভত বিভিন্ন সময়ত সমৃদ্ধিশালী দেশসমূহক ক্ষুৰধাৰ সমালোচনা কৰা গ্রেটা থুনবার্গ এতিয়া বিশ্বৰ শিক্ষার্থীসকলৰ আইকন হৈ পৰিছে৷ আনকি বিশ্বজুৰি গ্রেটাৰ নেতৃত্বত সংগঠিত হৈছে কেইবা নিযুতো শিক্ষার্থী ৷