সংঘর্ষ–দুর্ঘটনাত প্রতিদিনে বিশ্বত ১২ হাজাৰ লোকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: পথ দুর্ঘটনাত বা সংঘর্ষত প্রতিদিনে বিশ্বত ১২ হাজাৰ লোক নিহত হয়৷ শেহতীয়াকৈ এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ সংস্থাটোৰ বিবৃতি অনুসৰি প্রতি বছৰ ৪৪ লাখ লোক দুর্ঘটনাত আহত হোৱাৰ পিছত মৃত্যুমুখত পৰে৷ লক্ষণীয়ভাৱে প্রতি তিনিটা মৃত্যুৰ এটা পথ দুর্ঘটনাৰ ফল বুলি বিবৃতিটোত প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ প্রিভেণ্টিং ইনজিউৰিজ এণ্ড ভায়োলেন্স শীর্ষক এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি মৃত্যুৰ প্রধান পাঁচটা কাৰণৰ তিনিটা হৈছে পথ দুর্ঘটনা, আত্মহত্যা আৰু হত্যা৷ সংস্থাটোৰ মুৰব্বী ড০ টেড্র’ছ আধানম ঘেব্রিয়েছাছে উল্লেখ কৰা অনুসৰি দাৰিদ্র্যপীড়িত দেশসমূহত সংঘর্ষ আৰু দুর্ঘটনাত মৃত্যুৰ হাৰ বেছি৷ যুদ্ধ–সংঘর্ষত আটাইতকৈ বেছি লোকৰ মৃত্যু হয় দাৰিদ্র্যপীড়িত দেশবোৰত৷ লক্ষণীয়ভাৱে স্বাস্থ্য ক্ষেত্রত এতিয়াও বিশ্বজুৰি বৃহৎ বৈষম্য চলি থকা বুলি উল্লেখ কৰিছে হুৰ মুৰব্বীগৰাকীয়ে৷ দুর্ঘটনা প্রতিৰোধত যেনেদৰে বিভিন্ন দেশে প্রয়োজনীয় সতর্কতা পালন কৰাৰ পৰা বিৰত থাকে সেইদৰে সংঘর্ষত নিৰীহ লোকৰ প্রাণহানিৰ ঘটনা হ্রাস কৰাৰ ক্ষেত্রতো বিশেষ গুৰুত্ব প্রদান কৰা নহয়৷ ইয়াৰ পৰিণতিত প্রতিদিনে হাজাৰ হাজাৰ লোকে প্রাণ আহুতি দিবলগীয়া হৈছে৷