সংসদত গৃহীতৰ দিশে নেপালৰ নতুন মানচিত্র
নিয়মীয়া বার্তা, ১ জুনঃ ভাৰতৰ তিনি ভূ–খণ্ডক সন্নিৱিষ্ট কৰি নতুনকৈ প্রস্তুত কৰা মানচিত্র গৃহীত কৰাৰ দিশে নেপালৰ সংসদ৷ নতুন মানচিত্রক গৃহীত কৰিবলৈ চৰকাৰখনে ইতিমধ্যে আজি সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছে৷ শাসকীয় সন্মিলিত বাঁওপন্থী চৰকাৰখনে উত্থাপন কৰা সংবিধান সংশোধনী বিধেয়কত বিৰোধী নেপালী কংগ্রেছে সমর্থন জনোৱাৰ লগে লগে সংসদত এই বিধেয়কখন গৃহীত হ’ব আৰু কার্যতঃ ভাৰতীয় তিনি ভূমিখণ্ড লিম্পিয়াধুৰা, কালাপানী আৰু লিপুলেখ পাছ সন্নিৱিষ্ট নতুন মানচিত্রখনে অনুমোদন পাব৷
উল্লেখ্য যে ভাৰতৰ সৈতে শেহতীয়াভাৱে সংঘাতত লিপ্ত নেপালে ভাৰতবিৰোধী কার্যত লিপ্ত হৈ তিনি ভূমিখণ্ড সাঙুৰি লোৱা বিষয়টোত নতুন দিল্লীয়ে প্রতিক্রিয়া ব্যক্ত কৰিলেও নেপাল চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷