নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীৰ মাজতো ক’ৰোনাৰ আতংক; আক্রান্ত দেশলৈ ভ্রমণ কৰাত নিষেধাজ্ঞা আইছিছৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছক লৈ কম্পিত বিশ্ব৷ মানৱতাৰ শত্রু বিশ্বত্রাস জেহাদী সংগঠন আইছিছো ক’ৰোনা ভাইৰাছৰ শংকাত আতংকিত হৈ পৰিছে৷ মানৱ জীৱনৰ সৈতে হেতালি খেলা আইছিছে নিজেই মৃত্যুৰ শংকাত ভুগি দুর্ধর্ষ সদস্যসকলক ক’ৰোনা ভাইৰাছ আক্রান্ত দেশসমূহ ভ্রমণ নকৰিবলৈ নির্দেশ দিছে৷ আল–নব নামৰ পত্রিকাত প্রকাশ কৰা মতে, বিশ্বৰ যিসমূহ দেশত ক’ৰোনা ভাইৰাছ সংক্রমিত হৈছে, সেই দেশ ভ্রমণ নকৰিবলৈ আইছিছৰ সদস্যক নির্দেশ দিয়া হৈছে৷ তদুপৰি জেহাদীসকলক সঘনাই হাত ধুবলৈ নির্দেশ দিছে আইছিছে৷ আনকি মাজনিশা সাৰ পালেও জেহাদীসকলক হাত ধোৱাৰ বাবে কঠোৰ নির্দেশনা পত্রিকাখনত জাৰি কৰা হৈছে৷ তদুপৰি ৰুগ্ণ লোকৰ পৰা আঁতৰি থাকিবলৈ জেহাদীসকলক নির্দেশ দিছে৷ জেহাদীসকলক মুখমণ্ডল ঢ়াকি ৰখাৰ লগতে হাত ধোৱাৰ বাবে পানী প্রতিৰোধী হিচাপে ৰাখিবলৈ পৰামর্শ আগবঢ়াইছে৷ তাৎপর্যপূর্ণ যে আল্লাৰ ওপৰত নির্ভৰশীল যদিও জেহাদী সংগঠনটোৱে বিশ্বজুৰি চিকিৎসকসকলৰ পৰামর্শ মতেই জেহাদীসকলকো নির্দেশনাসমূহ পালন কৰিবলৈ পত্রিকাখনত স্পষ্টকৈ নির্দেশ দিছে৷

You might also like