সীমান্তত পাকিস্তানে সাজু কৰিছে যুদ্ধবিমান
নিয়মীয়া বার্তা, ১১ মেঃ সন্ত্রাসবাদী সংগঠনক সাহায্য আৰু সহযোগ প্রদানেৰে ভাৰতক অশান্ত কৰি ৰখাৰ চক্রান্তৰ মাজতে পাকিস্তানে এইবাৰ ভাৰতভূমিৰ সীমাতে বায়ুসেনা বাহিনীৰ যুদ্ধবিমান মজুত কৰাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ভাৰতৰ গৃহ বিভাগৰ এক সূত্রমতে পাকিস্তানে ভাৰতৰ সীমান্তত এফ–১৬, জে এফ–১৭ আৰু মীৰাজ থ্রী ফাইটাৰ বিমান সাজু কৰিছে৷ জম্মু–কাশ্মীৰৰ হান্দৱাৰা অৰণ্যত অলপতে পাকিস্তানী সন্ত্রাসবাদীৰ সৈতে হোৱা এনকাউণ্টাৰত ভাৰতীয় সেনাৰ কর্নেল আশুতোষ শর্মা শ্বহীদ হোৱাৰ পাছতেই লক্ষণীয়ভাৱে সীমান্তত যুদ্ধবিমান মজুত কৰি উত্তেজনা বৃদ্ধি কৰিছে৷ পাকিস্তানী বিমান বাহিনীৰ যুদ্ধবিমানে ভাৰতীয় ভূ–খণ্ডৰ ভিতৰলৈ সোমায়ো টহল দিয়া পৰিলক্ষিত হৈছে৷ ভাৰতে এই সমগ্র অৱস্থাতো সূক্ষ্মভাৱে পর্যৱেক্ষণ কৰিছে৷ পাক বিমান বাহিনীৰ এই সামৰিক কুচকাৱাজৰ পাছত ভাৰতীয় এয়াৰবেছক সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ উল্লেখ্য যে যি সময়ত সমগ্র বিশ্বই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে, তেনে সময়তে চুবুৰীয়া ৰাষ্ট্রখনে সন্ত্রাসবাদীৰ জৰিয়তে ভাৰতভূমিত উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে৷