নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত বৃদ্ধি কৰিছে চীনা সৈন্যৰ শক্তি

নিয়মীয়া বার্তা, ১ জুনঃ লাডাখত চীন আৰু ভাৰতৰ মাজত চলি থকা বিবাদ দুই দেশে কূটনৈতিকভাৱে সমাধানৰ প্রক্রিয়া চলাই থকাৰ মাজতে চীনে সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰি আছে৷ লাডাখৰ এল এ চিত সেনাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে অস্ত্র–শস্ত্র সজ্জিত গধুৰ যান–বাহনৰ সংখ্যাও বৃদ্ধি কৰি আছে৷

লাডাখৰ পূব প্রান্তত কিছুদিন পূর্বে দুয়ো দেশৰ মাজত সেনাৰ মাজত হতাহতি হোৱাৰ পিছতেই পৰিস্থিতি উত্তেজনাময় হৈ পৰাত বিষয়টো সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰা হয়৷ কিন্তু বিবাদ সমাধানৰ বাবে চলি থকা প্রক্রিয়াক চীনে নস্যাৎ কৰি উল্লেখিত স্থানৰ সমীপতে সেনাৰ শক্তি বৃদ্ধি কৰাক লৈ প্রতিক্রিয়া আৰম্ভ হৈছে৷

লাডাখৰ পূব প্রান্তত এল এ চিৰ সমীপতে অর্থাৎ ভাৰতীয় ভূমিৰ পৰা মাত্র ২৫–৩০ কিলোমিটাৰ নিলগত চীনে অস্ত্র–শস্ত্র সজ্জিত গধুৰ যান–বাহনৰ সংখ্যা বৃদ্ধি কৰিছে৷ উল্লেখ্য যে এল এ চিৰ সমীপত নিজৰ ভূমিত ভাৰতীয় সেনাই আন্তঃগাঁথনি নির্মাণ কৰাক লৈ সংঘাত আৰম্ভ হৈছে৷

You might also like