সুস্থ হ’ল কানাডাৰ প্ৰধানমন্ত্ৰীৰ পত্নী ছ’ফি
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডিউৰ পত্নী ছ’ফি গ্ৰেগইনৰ বৰ্তমান সুস্থ হৈ উঠিছে ।
ছ’চিয়েল মিডিয়া যোগে এক বিবৃতিত ছ’ফিয়ে উল্লেখ কৰিছে যে বৰ্তমান তেওঁ সুস্থ অনুভৱ কৰিছে ।
ইপিনে অ’টোৱাৰ হাস্পতালৰ চিকিৎসকেও ইতিমধ্যে ছ’ফি সুস্থ বুলি সংবাদ মাধ্যমক জনাইছে। অৱশ্যে পত্নী সুস্থ হ’লেও প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডিউৱে আছুতীয়াকৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।