সূর্যৰ পোহৰ, উষ্ণতা আর্দ্র জলবায়ুৱে বিনাশ ঘটাব ক’ৰোনাৰ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ বিভিন্ন পৰিৱেশত জীৱিত অৱস্থাত থাকিব পাৰে বুলি বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে ঘোষণা কৰি আহিছে৷ শেহতীয়াকৈ আমেৰিকাৰ এক গৱেষণাত পোৱা গৈছে যে সূর্যৰ পোহৰ, উচ্চ উষ্ণতাৰ জলবায়ু আৰু আর্দ্রতাত এই ভাইৰাছবিধৰ বিনাশ হ’ব পাৰে৷ এনে জলবায়ুত ভাইৰাছবিধৰ সংক্রমণৰ হাৰ পঞ্চাশ শতাংশ হ্রাস পাব পাৰে বুলি দাবী কৰিছে আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটী বিভাগৰ পৰীক্ষাগাৰে৷ বিভাগটোৰ পৰীক্ষাগাৰত বিভিন্ন জৈৱিক পৰীক্ষা চলাই থকা হৈছে৷
উল্লেখনীয় যে হোৱাইট হাউছে কালি বিভাগটোৰ পৰা লাভ কৰা প্রতিবেদন মুকলি কৰি দিছে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছত আটাইতকৈ বেছি লোক সংক্রমিত হৈছে আমেৰিকাত৷ দেশখনত আঠ লাখ ষাঠি হাজাৰতকৈ অধিক লোক সংক্রমিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে প্রায় পঞ্চাশ হাজাৰৰ৷ লক্ষণীয়ভাৱে আমেৰিকাৰ লগতে বিশ্বৰ কেইবাখনো দেশে মাৰাত্মক ভাইৰাছবিধৰ প্রতিৰোধী টিকা উদ্ভাৱনৰ বাবে প্রচেষ্টা চলাই আছে যদিও এই মুহূর্তলৈ বিজ্ঞানীসকল এইক্ষেত্রত সফল হোৱা নাই৷