স্পেইন–ফ্রান্সত ধুমুহা গ্ল’ৰিয়াৰ তাণ্ডৱ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ভয়াৱহ সামুদ্রিক ধুমুহা গ্ল’ৰিয়াই স্পেইন আৰু ফ্রান্সৰ বিস্তীর্ণ অঞ্চলত আৰম্ভ কৰিছে তাণ্ডৱ৷ ইতিমধ্যে ব্রিটিছ চৰকাৰে দেশখনৰ নাগৰিকসকলক ফ্রান্স তথা স্পেইন ভ্রমণৰ পৰা বিৰত থাকিবলৈ নির্দেশনা জাৰি কৰিছে৷
স্পেইনৰ বিভিন্ন স্থানত গ্ল’ৰিয়াৰ তাণ্ডৱ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ চৰকাৰে বার্চিলোনা, ভেলেন্সিয়া আৰু আলিকাণ্টেত সতর্কবাণী জাৰি কৰিছে৷ ইফালে আলিকাণ্টেৰ জাভি আৰু কোষ্টা ব্লাংকাত কেইবামিটাৰ উচ্চতাৰে সমুদ্রৰ জোৱাৰে আহি বিস্তৰ ক্ষতিসাধন কৰিছে৷ দক্ষিণ ফ্রান্সৰো কেইবাখনো চহৰত এই ধুমুহাই আঘাত কৰাৰ পাছতে মুষলধাৰ বৃষ্টিপাতে স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰি দিছে৷ দুয়োখন দেশৰ কেইবাটাও পর্যটন ক্ষেত্রৰ পৰা তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ হোৱাৰ বাবে নির্দেশ দিয়া হৈছে পর্যটকসকলক৷ গ্ল’ৰিয়াৰ তাণ্ডৱে ফ্রান্স আৰু স্পেইনৰ বিস্তীর্ণ অঞ্চলত আগন্তুক কেইবাদিনলৈ পৰিস্থিতি জটিল কৰি ৰাখিব পাৰে৷