নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ সহস্রাধিক উট বধ কৰিব দক্ষিণ অষ্ট্রেলিয়াৰ প্রশাসনে

পানী–খাদ্য বিচাৰি গ্রামাঞ্চলত তাণ্ডৱ সৃষ্টি

নিয়মীয়া বাৰ্তা,৯ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া আৰু নিউ ছাউথ ৱেলছত ভয়াৱহ বনজুইৰ ফলত ৫০ লক্ষাধিক পশু–পক্ষীৰ মৃত্যু হোৱাৰ পাছত দেশখনৰ দক্ষিণ প্রান্তত অনাবৃষ্টিৰ বাবে গ্রামাঞ্চল তথা সৰু সৰু চহৰবোৰলৈ খাদ্য আৰু পানী বিচাৰি আহি তাণ্ডৱ সৃষ্টি কৰিছে বৃহৎ উটৰ জাকে ৷ দক্ষিণ অষ্ট্রেলিয়া প্রদেশৰ প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি, ১০ সহস্রাধিক উটে আহি জনবসতিপূর্ণ অঞ্চলসমূহত সৃষ্টি কৰিছে তাণ্ডৱ ৷ বহু আন্তঃগাঁথনি ধ্বংস কৰিছে এই বৃহৎ উটৰ জাকে ৷ তৃষ্ণাতুৰ তথা ক্ষুধিত উটবোৰে বিভিন্ন স্থানত মানুহৰ ওপৰতো আক্রমণ চলাইছে ৷ এনে পৰিস্থিতিত প্রশাসনে এই দহ সহস্রাধিক উটক বধ কৰাৰ সিদ্ধান্ত লৈছে ৷ স্মর্তব্য যে দক্ষিণ অষ্ট্রেলিয়াত বিগত বর্ষটো আছিল আটাইতকৈ উষ্ণ ৷ বছৰটোত প্রদেশখনৰ বহু জলাশয় শুকাই গৈছে ৷ আনকি তৰু–তৃণ বুলিবলৈও অৰণ্যত একো বর্তি থকা নাই৷ এনে পৰিস্থিতিত উটবোৰে আহি জনবসতিপূর্ণ অঞ্চলত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

You might also like