নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২লৈ বিশ্বত থাকিব ক’ৰোনা মহামাৰী

ইউৰোপত ১.৫ লাখৰ মৃত্যু ৰাছিয়াত এদিনতে ৯ হাজাৰ সংক্রমিত

নিয়মীয়া বাৰ্তা, ৩ মে’ : ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণ বিশ্বত ২০২২ চনলৈকে অব্যাহত থাকিব ৷ –এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে আমেৰিকাৰ এদল বিজ্ঞানীয়ে ৷ গৱেষক দলটোৱে কয় যে বিশ্বৰ জনসংখ্যাৰ অধিকসংখ্যকৰে শাৰীৰিক প্রতিৰক্ষাৰ ক্ষমতা বৃদ্ধি নোপোৱালৈকে মহামাৰীৰ সংক্রমণ অব্যাহত থাকিব৷ ‘মহামাৰীৰ সময় সম্ভৱতঃ ১৮ৰ পৰা ২৪ মাহলৈ বৃদ্ধি পাব ৷ কিয়নো মানুহৰ শাৰীৰিক প্রতিৰক্ষাৰ ক্ষমতা ধীৰে ধীৰে বৃদ্ধি পায়৷’ –মিনিছ’টা বিশ্ববিদ্যালয়ৰ চি আই ডি আৰ পি নামৰ এক প্রতিবেদনত এইদৰে কোৱা হৈছে৷ জনসংখ্যাৰ ৬০ৰ পৰা ৭০ শতাংশ লোকৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি নোহোৱা পর্যন্ত দুবছৰলৈকে এই ক’ৰোনা ভাইৰাছ সংক্রমণ অব্যাহত থাকিব বুলিও প্রতিবেদনত প্রকাশ৷ উল্লেখ্য যে এই প্রতিবেদন প্রকাশ পোৱাৰ সময়তে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে বলৱৎ থকা সামাজিক দূৰত্বৰ নিষেধাজ্ঞাসমূহ কিছু শিথিল কৰাত পুনৰ অশনি সংকেত সৃষ্টি হৈছে৷ ইফালে আমেৰিকাৰ এলার্জী আৰু সংক্রামক ৰোগৰ ৰাষ্ট্রীয় সংস্থাৰ সঞ্চালক এণ্টনী ফাউচীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে মন্তব্য কৰিছিল যে ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো স্রোত অনিবার্য ৷ কাৰণ ভাইৰাছটো অত্যন্ত সংক্রামক আৰু ই সমগ্র বিশ্বত বিয়পি পৰিছে ৷

You might also like