নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ বছৰৰ পিছত আফগানিস্তানত গ্রেপ্তাৰ কাশ্মীৰী সন্ত্রাসবাদী

দীর্ঘদিন ধৰি বিচাৰি আছিল কাশ্মীৰৰ আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ প্রায় আঢ়ৈ দশক ধৰি নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি পলায়ন কৰি থকা কাশ্মীৰী সন্ত্রাসবাদী আইজাজ আহমাদ আহাংগাৰ আফগানিস্তানত সেনাৰ হাতত ধৰা পৰিছে ৷ আফগানিস্তানৰ খোৰাছান প্রদেশৰ ইছলামিক ষ্টেটৰ মুৰব্বী আছলাম ফাৰুকীৰ সৈতে আইজাজক চলিত মাহৰ প্রথম ভাগতে আফগান বাহিনীয়ে গ্রেপ্তাৰ কৰিছে ৷ উল্লেখনীয় যে শ্রীনগৰৰ নাৱা কাদালৰ বাসিন্দা আইজাজ আহমাদ আহাংগাৰক জম্মু–কাশ্মীৰ আৰক্ষীয়ে বিভিন্ন গোচৰত দুই দশকতকৈ অধিক কাল বিচাৰি আছিল ৷  এবাৰ জম্মু–কাশ্মীৰ আৰক্ষীৰ হাতত আহাংগাৰ গ্রেপ্তাৰ হৈছিল যদিও পৰৱর্তী সময়ত মুক্তি লাভ কৰিবলৈ সক্ষম হয় ৷ কাশ্মীৰৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আত্মগোপন কৰে আইজাজ আহমাদ আহাংগাৰে ৷ শেহতীয়াকৈ আফগান আৰক্ষীয়ে সদৰী কৰা অনুসৰি মুক্তি লাভৰ পিছতে বাংলাদেশলৈ পলায়ন কৰি পৰৱর্তী সময়ত আইজাজ পাকিস্তানত উপস্থিত হৈছিল ৷

You might also like