৪৭ বছৰ পিছত কম্বোডিয়াৰ নম পেনত পুনৰ মিলিত হ’ল দুই ভগ্নী
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ কম্বোডিয়াত সুদীর্ঘ ৪৭ বছৰ পিছত ৯৮ আৰু ১০১ বছৰ বয়সীয়া দুগৰাকী ভগ্নী পুনৰ মিলিত হোৱা ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ দুয়োগৰাকী ভগ্নীৰ মাজত অন্তিমবাৰলৈ দেখা দেখি হৈছিল ১৯৭৩ চনত৷ কমিউনিষ্ট পল পট নেতৃত্বাধীন চৰকাৰে দেশখন শাসন কৰিবলৈ লোৱাৰ দুবছৰ পূর্বে ৯৮ বছৰীয়া বান ছেনে জ্যেষ্ঠ ভগ্নী বান চী আৰু কনিষ্ঠ ভাতৃৰ সৈতে অন্তিমবাৰলৈ মিলিত হৈছিল৷ স্থানীয় এটা এনজি’ৰ সহায়ত ৯৮ বছৰীয়া বান ছেনে জ্যেষ্ঠ ভগ্নী আৰু ভাতৃৰ সৈতে ৰাজধানী নম পেনৰ পৰা ৯০ মাইল নিলগৰ কামপং চাম প্রদেশৰ জন্ম গাঁৱত মিলিত হোৱাৰ সুযোগ লাভ কৰিছে৷
উল্লেখনীয় যে খেমেৰ ৰুজৰ শাসনৰ সময়ত কম্বোডিয়াত প্রাণ হেৰুৱাইছিল প্রায় দুই নিযুত লোকে৷ পল পট আছিল খেমেৰ ৰুজৰ অতি কুখ্যাত শাসক৷ পল পটৰ সময়তে বহু পৰিয়ালৰ মাজত বিচ্ছেদ হৈছিল৷ নিৰাপদ স্থানত গৈ বহু লোকে আশ্রয় গ্রহণ কৰিবলগীয়া হৈছিল৷ বান ছেনে ৰাজধানীৰ সমীপতে এক অস্থায়ী কলনীত বাস কৰিবলৈ লৈছিল যদিও জন্ম গাঁৱৰ ভাতৃ–ভগ্নীৰ সৈতে মিলিত হোৱাৰ সপোন আছিল মহিলাগৰাকীৰ৷ শুকুৰবাৰে মহিলাগৰাকীৰ এই সপোন বাস্তৱায়িত হয়৷