৫০ দেশৰ নাগৰিকৰ কোৱাৰেণ্টাইন নহয় ইংলেণ্ডত
নিয়মীয়া বাৰ্তা, ৪জুলাইঃ ইংলেণ্ড আমেৰিকা যুক্তৰাষ্ট্রৰ বাহিৰে বিশ্বৰ ৫০তকৈও অধিক দেশৰ নাগৰিক ইংলেণ্ডত প্রৱেশ কৰিলে কোনোধৰণৰ কোৱাৰেণ্টাইনৰ প্রয়োজন নাই৷ কার্যতঃ এই ৫০তকৈ অধিক দেশৰ নাগৰিকে ইংলেণ্ডত প্রৱেশ কৰিলে কোৱাৰেণ্টাইনত থাকিব নালাগে৷
জার্মানী, ফ্রান্স, স্পেইন, ইটালী আদিকে ধৰি ৫০খন দেশৰ নাগৰিকক এই সুবিধা প্রদান কৰিছে ইংলেণ্ডে৷ অৱশ্যে ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ লৈ থকা আমেৰিকা যুক্তৰাষ্ট্রৰ নাগৰিকৰ ক্ষেত্রত কোৱাৰেণ্টাইনৰ ব্যৱস্থা থাকিব৷ পর্যটকক সুবিধা প্রদানৰ লক্ষ্যৰে অহা ১০ জুলাইৰ পৰা ইংলেণ্ডে এই ব্যৱস্থা কার্যকৰী কৰিব৷ ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে কিদৰে কোৱাৰেণ্টাইন নীতি শিথিল কৰিব পাৰি, তাক লৈ স্কটলেণ্ড, ৱেলছ আৰু নর্দার্ন আয়াৰলেণ্ডৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ৪ জুলাইৰ পৰা আন্তর্জাতিক বিমান উৰণত শিথিল কৰিছে দেশখনে৷