নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ হাজাৰ বছৰ পূর্বে ছাহাৰাত আছিল বিশাল জলভাণ্ডাৰ

মহাকাশ গৱেষণা নাছাৰ ছবিয়ে পোহৰলৈ আনিছে নতুন তথ্য

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ বিশাল মৰু অঞ্চল ছাহাৰা একালত পৃথিৱীৰ বৃহত্তম জলাশয়৷ মৰুময় ছাহাৰা ৭ হাজাৰ বছৰ পূর্বলৈ আছিল বিশাল জলভাণ্ডাৰ৷ শেহতীয়াকৈ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই সংগ্রহ কৰা আলোকচিত্রত এই তথ্য পোহৰলৈ আহিছে৷ ‘মেগা চাড’ হিচাপে পৰিচিত এই বিশাল জলাশয়ৰ কালি আছিল ডেৰ লাখ বর্গমাইল৷ সমগ্র ছাহাৰাজুৰি ব্যাপিত হৈ আছিল এই জলাশয়৷ মহাকাশ গৱেষণা সংস্থা নাছাই অঞ্চলটোত অন্ধকাৰ এক বলুকাৰাশিৰ উপস্থিতি লাভ কৰাৰ পিছতেই এয়া একালত পৃথিৱী গ্রহৰ আটাইতকৈ ডাঙৰ হ্রদ আছিল বুলি নিশ্চিত কৰিছে৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত সোমাই আছে বর্তমানৰ ১৩৭ বর্গমাইল অঞ্চল বিয়পি থকা আধুনিক ‘লেক চাড’৷ মার্কিন মহাকাশ গৱেষণা সংস্থাটোৰ তথ্য অনুসৰি পূর্বৰ এই বিশাল জলাশয় কাস্পিয়ান সাগৰতকৈও ডাঙৰ আছিল৷ লক্ষণীয়ভাৱে উপগ্রহ ছবিয়ে মৰুভূমিৰ বিস্তীর্ণ অঞ্চলত থকা এই প্রাচীন জলাশয়ৰ অৱস্থান নিশ্চিত কৰাৰ লগে লগে বিজ্ঞানীসকলৰ মাজত বিষয়টোক লৈ আৰম্ভ হৈছে কৌতূহল৷ আনকি ছাহাৰাৰ মৰু অঞ্চল সৃষ্টিৰ কাৰণ সন্দর্ভতো বিজ্ঞানীৰ গৱেষণাৰ সমল লাভ কৰিব বুলি আশা প্রকাশ কৰিছে৷ প্রাচীন এই বিশাল হ্রদটোৱে চাড, নাইজাৰ, নাইজেৰিয়া আৰু কেমেৰুণৰ সীমান্ত অঞ্চললৈ স্পর্শ কৰিছিল ৷

You might also like