ৰক্তাক্ত বৰফঃ এণ্টার্কটিকাৰ নতুন ৰূপত আশ্চর্য বিজ্ঞানী
নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ প্রকৃতিৰ ৰহস্যময়তাক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্বৰ বিজ্ঞানী মহল ৷ এণ্টার্কটিকাৰ বৰফ ৰক্তাক্ত হৈ পৰা এখন আলোকচিত্রই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইউক্রেইনৰ বিজ্ঞানীয়ে সংগ্রহ কৰা এণ্টার্কটিকাৰ ৰক্তাক্ত বৰফৰ আলোকচিত্রখন ইউক্রেইনৰ শিক্ষা আৰু বিজ্ঞান মন্ত্রালয়ে ফেচবুকযোগে প্রচাৰ কৰাত প্রকৃতি–পৰিৱেশকর্মী মাজতো ব্যাপক চর্চা চলিছে ৷ এণ্টার্কটিকা উপকূলৰ গেলিনডেজ দ্বীপৰ ভার্নাডস্কাই গৱেষণা শিবিৰৰ সমীপতে ৰক্তাক্ত বৰফৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে ৷ এই ৰক্তাক্ত বৰফৰ আলোকচিত্রখন প্রচাৰ হোৱাৰ পিছত পৰিৱেশ বিজ্ঞানীৰ মাজত ৰক্তাক্ত বৰফৰ কাৰণ বিচাৰি গৱেষণা আৰম্ভ কৰিছে ৷ ইপিনে, ইউক্রেইনৰ বিজ্ঞানীয়ে ইতিমধ্যে বৰফ ৰক্তাক্ত হৈ পৰাৰ কাৰণ প্রকাশ কৰিছে ৷ তেওঁলোকে প্রকাশ কৰা মতে প্রকৃতিৰ বিস্ময় এই ৰক্তাক্ত বৰফ৷ অধ্যয়নৰ অন্তত অতি ক্ষুদ্র শেলুৱৈৰ বাবে বৰফ ৰঙা হৈ পৰা বুলি নিশ্চিত কৰিছে ইউক্রেইনৰ বিজ্ঞানীয়ে ৷ এই ক্ষুদ্র শেলুৱৈৰ নাম হৈছে শ্লা শ্লামিড’মোনাছ নিভালিছ৷ অত্যন্ত শীতল পৰিৱেশত জীয়াই থকা এই শেলুৱৈবিধৰ কাৰণে এণ্টার্কটিকাৰ বৰফ ৰঙা পৰা বুলি দাবী কৰিছে বিজ্ঞানীমহলে ৷