নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবটৰ ওপৰত নির্ভৰশীল হ’ব বৃহৎ কোম্পানী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃমাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিভিন্ন উদ্যোগ–প্রতিষ্ঠানত মানুহৰ জীৱিকালৈ কঢ়িয়াই আনিছে ভাবুকি৷ এই ভাইৰাছবিধৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ এতিয়া বৃহৎ কোম্পানীসমূহে মানুহৰ পৰিৱর্তে কর্মী হিচাপে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন পর্যায়ৰ ৰবট৷ অর্থাৎ কর্মক্ষেত্রত মানুহৰ জীৱিকালৈ কৃত্রিম মেধা এই ৰবটবোৰেই কঢ়িয়াই আনিব পাৰে ভাবুকি৷ মানুহে সৃষ্টি কৰা প্রযুক্তিয়ে এতিয়া মানুহৰ বাবেই এনে মহাবিপর্যয়ৰ সময়ত অন্য প্রত্যাহ্বান কঢ়িয়াই অনাৰ আশংকা ঘনীভূত হৈছে৷ বিশেষজ্ঞসকলে ক’ৰোনা ভাইৰাছৰ সংক্রমণ চলি থকা সময়তে বৃহৎ কোম্পানীসমূহে ৰবটক কামত ব্যৱহাৰৰ পোষকতা কৰা বুলি ইতিমধ্যে সতর্কবাণী কৰিছে৷ স্মর্তব্য যে আমেৰিকাৰ ভৱিষ্যদ্রষ্টা মার্টিন ফ’র্ডে উল্লেখ কৰা অনুসৰি, ৰবট আৰু কৃত্রিম মেধাই আগন্তুক কেইবাটাও দশক পৃথিৱীৰ অর্থনীতিত অন্যতম ত্রাণকর্তা হিচাপে চিহ্ণিত হ’ব৷ শেহতীয়াকৈ দক্ষিণ কোৰিয়াত উষ্ণতাৰ জোখ–মাপৰ বাবে ব্যৱহাৰ কৰা হৈছে ৰবট৷ আনকি ৰবটেই বিতৰণ কৰিছে ছেনিটাইজাৰ৷ আমেৰিকাৰ বৃহৎ সংস্থা ৱালমার্ট এতিয়া ৰবটৰ ওপৰত নির্ভৰশীল হ’বলগীয়া হৈছে৷ দেশে দেশে বিভিন্ন প্রতিষ্ঠানত এই মহামাৰীৰ সময়ত যদি বাণিজ্যিক মুনাফাৰ বাবেই বা অর্থনৈতিক মন্দাৰ পৰা পৰিত্রাণ পাবলৈ যদি বৃহৎ উদ্যোগ–কাৰখানাসমূহ্ ৰবট ব্যৱহাৰ কৰিবলৈ লয়, তেন্তে কোটি কোটি লোকৰ জীৱিকালৈ নামি আহিব অনিশ্চয়তা৷ মহামাৰীয়ে এতিয়া বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ ভৱিষ্যতে মানৱ জাতিৰ জীৱন–জীৱিকালৈও ভয়ংকৰ সংকট নমাই অনাৰ ইংগিত দিছে৷ পৃথিৱীবাসীৰ বাবে এয়া এক সন্ধিক্ষণৰ সময় হিচাপে চিহ্ণিত হৈছে৷

You might also like