ৰহিংগ্যাৰ বিৰুদ্ধে ম্যানমাৰৰ বাহিনীয়ে চলাইছিল গণহত্যা
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ম্যানমাৰত ৰহিংগ্যা মুছলমান লোকৰ বিৰুদ্ধে গণহত্যা প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ জাৰি কৰিছে নেদাৰলেণ্ডৰ হেগস্থিত আন্তর্জাতিক আদালতে (আইচিজে)৷
দেশখনৰ নেত্রী আং ছান চ্যু কীয়ে যোৱা মাহত আইচিজেত উপস্থিত থাকি সেনাৰ বিৰুদ্ধে উত্থাপন হোৱা গণহত্যাৰ অভিযোগৰ বিৰুদ্ধে যুক্তি দর্শাইছিল৷ কিন্তু নেত্রীগৰাকীৰ এই যুক্তিক খাৰিজ কৰিছে ৰাষ্ট্রসংঘৰ নিয়ন্ত্রণাধীন আন্তর্জাতিক আদালতখনে৷
স্মর্তব্য যে ২০১৭ চনত কেইবাহাজাৰো ৰহিংগ্যা মুছলমান লোক সেনাৰ আতিশয্যত নিহত হোৱাৰ উপৰি সাত লক্ষাধিকে প্রতিবেশী বাংলাদেশলৈ পলায়ন কৰিছিল৷ ৰাষ্ট্রসংঘৰ তদন্তকাৰীয়ে অভিযোগ কৰিছিল যে ম্যানমাৰৰ সেনাই দুর্দশাগ্রস্ত ৰহিংগ্যা লোকসকলৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰিছে৷ আইচিজেত এই গোচৰ ৰুজু কৰিছিল আফ্রিকাৰ মুছলমান সংখ্যাগৰিষ্ঠ দেশ গাম্বিয়াই৷ দেশখনে ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবীও জনাইছে৷