নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰে সীমান্ত পথ বন্ধ কৰিলে চীনে

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পুনৰ দ্রুত সংক্রমণ ঘটিবলৈ লৈছে চীনত ৷ শেহতীয়াকৈ ১৫০০ লোক এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে চীনত ৷ যোৱা ২৪ ঘণ্টাত ৪৬গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে ঘোষণা কৰিছে ৷ অৱশ্যে ইয়াৰে ১০গৰাকীহে চীনৰ অভ্যন্তৰত আক্রান্ত হৈছে ৷ শেহতীয়াকৈ চীনলৈ বিদেশৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিছে ৷ ৰাছিয়াৰ পৰা গৃহভূমিলৈ প্রত্যাৱর্তন কৰা বহু চীনা লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতেই ৰাছিয়াৰ সৈতে চীনে সীমান্ত পথ বন্ধ কৰি দিছে ৷ আনকি চীন–ৰাছিয়া সীমান্ত পথে পুনৰ ৱুহানৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিয়েই বেইজিং প্রশাসনে ৰাছিয়াৰ পৰা চীনলৈ ওভতা লোকসকলৰ ক্ষেত্রত কঠোৰ নিৰীক্ষণ ব্যৱস্থা গ্রহণ কৰিছে ৷ স্মর্তব্য যে ক’ৰোনাৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হৈ পৰা ৱুহানত চীনে এই ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ সক্ষম হৈছে যদিও শেহতীয়াকৈ বিদেশৰ পৰা ভাইৰাছবিধৰ সংক্রমণ ঘটিছে চীনলৈ ৷ বিশেষকৈ বিদেশত থকা চীনা লোকসকলে গৃহভূমিলৈ প্রত্যাৱর্তন কৰাৰ সময়তে কঢ়িয়াই আনিছে ক’ৰোনা ভাইৰাছ ৷ ইয়াৰ বাবেই মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ চীনে পুনৰ যুদ্ধকালীন ব্যৱস্থা গ্রহণ কৰিবলগীয়া হৈছে ৷

You might also like