নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় স্মৃতিসৌধ বিনষ্ট কৰিলে ১০ বছৰ কাৰাবাস

নিয়মীয়া বার্তা, ২৮ জুনঃ ৰাষ্ট্রীয় স্মৃতিসৌধ লণ্ডভণ্ড কৰাটো গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰি তেনে লোকক ১০ বছৰৰ কাৰাবাস দিয়া হ’ব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আজি এই সিদ্ধান্তৰ এক কার্যকৰী নির্দেশত স্বাক্ষৰ কৰে৷ উল্লেখ্য যে যোৱা ২৫ মে’ত এফ্র’ আমেৰিকান জর্জ ফ্লয়ডৰ আৰক্ষীৰ হাতত মৃত্যু ঘটাৰ পিছতে দেশজুৰি আন্দোলনে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিছিল৷ এই আন্দোলনৰ সময়ত একাংশই ৰাষ্ট্রীয় স্মৃতিসৌধসমূহ লণ্ডভণ্ড কৰাৰ লক্ষ্য হিচাপে লৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততেই ৰাষ্ট্রীয় স্মৃতিসৌধসমূহ সুৰক্ষিত কৰাৰ প্রতি গুৰুত্ব দি ৰাষ্ট্রপতি ট্রাম্পে ৰাষ্ট্রীয় স্মৃতিসৌধ লণ্ডভণ্ড কৰাজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ নির্দেশত স্বাক্ষৰ কৰে৷ কোনো কাৰণতেই আন্দোলনৰ নামত যাতে স্মৃতিসৌধ বিনষ্ট নহয়, তাক প্রাধান্য দি নির্দেশমতে এনে কার্যত জড়িত লোকক ১০ বছৰ কাৰাবাস দিয়া হ’ব৷ তাৎপর্যপূর্ণ যে নৈৰাজ্যবাদী আৰু বাঁওধাৰাৰ কট্টৰপন্থীয়ে আন্দোলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্রৰ বিভিন্ন স্থানত স্মৃতিসৌধৰ লগতে ধর্মীয় স্থান আক্রমণৰ লক্ষ্য কৰি লৈছিল৷ এই আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ প্রতিমূর্তি এটাও একাংশই লণ্ডভণ্ড কৰিছিল৷

You might also like