১০০ মিটাৰতকৈ অধিক দৈর্ঘ্যৰ মটৰ কাৰ নির্মাণ কেলিফ’র্নিয়াত
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ বিশ্বৰ আটাইতকৈ দীঘলীয়া মটৰ কাৰ ইতিমধ্যে সাজু হৈ উঠিছে৷ গীনিজ ৱর্ল্ড ৰেকর্ডত নতুনকৈ স্থান লাভ কৰিছে দীঘলীয়া মটৰ কাৰে৷ ৩০.৫৪ মিটাৰ দৈর্ঘ্যৰ এই মটৰ কাৰখন কেলিফ’র্নিয়াৰ বুৰবাংকত নির্মাণ কৰা হৈছে৷ জয় অৰবার্গে ‘দ্য আমেৰিকান ড্রীম’ এই মটৰ কাৰৰ সৰু সংস্কৰণটো আৰম্ভ কৰিছিল ১৯৮৬ চনত৷ তেতিয়া ইয়াৰ দৈর্ঘ্য আছিল ১৮.২৮ মিটাৰ বা ৬০ ফুট৷ প্রথমতে এই মটৰ কাৰত লগোৱা হৈছিল ২৬টা চকা৷ মুঠ দুটাকৈ ভি–৮ ইঞ্জিন লগোৱা হৈছিল এই গাড়ীখনত৷ এতিয়া তাক ১০০ ফুটৰ অধিক দৈর্ঘ্যৰ মটৰ কাৰ হিচাপে নির্মাণ কৰা হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ ছবি মুকলি কৰি দিয়া হৈছে সংবাদ মাধ্যমত৷ সাধাৰণতে মটৰ কাৰৰ আটাইতকৈ বেছি দৈর্ঘ্য ১৬ ফুট হ’ব পাৰে৷ কিন্তু অভিলেখ সৃষ্টিৰ বাবে ইয়াক এনেধৰণে প্রস্তুত কৰা হৈছে৷
আমেৰিকান ড্রীম প্রথম নির্মাণ কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল ১৯৭৬ চনতে৷ জাম্ব’ এই মটৰ কাৰ আমেৰিকাৰ পথত চলোৱা হ’ব বুলিও ঘোষণা কৰা হৈছে৷ অৱশ্যে কেতিয়াৰ পৰা ইয়াৰ সেৱা আগবঢ়োৱা হ’ব, সেই সন্দর্ভত কোনো তথ্য নির্মাণকাৰী সংস্থাৰ তৰফৰ পৰা সদৰী কৰা হোৱা নাই৷ গতিকে কেৱল গীনিজ ৱর্ল্ড ৰেকর্ডতে ইয়াৰ নাম সন্নিৱিষ্ট হৈ থাকিব নেকি, তাক লৈ বিভিন্ন মহলে কৌতূহল প্রকাশ কৰিছে৷ অৱশ্যে এই বিশালকায় মটৰ কাৰত কিমান চকা বা কিমানটা ইঞ্জিন লগোৱা হৈছে, সেই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা হোৱা নাই৷ কিন্তু এই গাড়ীৰ আলোকচিত্র মুকলি কৰি দিয়াৰ লগে লগে আন্তর্জাতিক সংবাদ মাধ্যমত ইয়াক লৈ সৃষ্টি হৈছে খলকনি৷