সাহসক প্ৰণাম… ১০০০কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰি ইউক্ৰেইনৰ পৰা শ্লোভাকিয়া পালেহি এটি ১১বছৰীয়া শিশু
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ-সংঘৰ্ষ অব্যাহত আছে। ইউক্ৰেইনৰ বিৰুদ্ধে চলা ৰাছিয়াৰ এই সামৰিক আগ্ৰাসনৰ মাজতে চৰ্চালৈ আহিছে এটি ১১ বছৰীয়া শিশুৰ সাহসৰ কথা।
ইউক্ৰেইনৰ এজন ১১ বছৰীয়া শিশুৰ সাহসক সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হৈছে। শিশুটোৱে ইউক্ৰেইনৰ পৰা ১০০০ কিলোমিটাৰ ভ্ৰমণ কৰি শ্লোভাকিয়াত উপস্থিত হয়। শ্লোভাকিয়া চৰকাৰে শিশুটোৰ ফটো ছচিয়েল মিডিয়াত চেয়াৰ কৰিছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শিশুটোৱে তাৰ সামগ্ৰীবোৰৰ সৈতে অকলে ইমান দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। তথ্য অনুসৰি ১১ বছৰীয়া কিম্বদনীৰ ঘৰ দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজিয়াত, য’ত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পটো অৱস্থিত।
বাতৰি অনুসৰি তেওঁৰ পিতৃ-মাতৃয়ে অসুস্থ আত্মীয়জনৰ যত্ন ল’বলৈ ইউক্ৰেইনতে থাকিব লগা হৈছিল। এই যাত্ৰাৰ সময়ত শিশুটোৰ কাষত এটা মোনা আৰু মাতৃৰ এটা টোকা আছিল, য’ত এটা টেলিফোন নম্বৰো লিখা আছে।
আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত এই শিশুটোৰ ফটো চেয়াৰ কৰি কৈছে যে শিশুটোৱে “তেওঁৰ হাঁহি, নিৰ্ভীকতা আৰু সংকল্পৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰিছে, তেওঁ এজন প্ৰকৃত নায়ক”।