উত্তৰ প্রদেশত ৮ কোটিৰ সোণৰ বিস্কুটসহ গ্রেপ্তাৰ ২, এজনৰ পলায়ন
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : উত্তৰ প্রদেশৰ ভাদোহীত গোপন সূত্রৰ পম খেদি আৰক্ষীয়ে এখন কাৰৰ পাছে পাছে খেদি গৈ আঠ কোটি টকা মূল্যৰ ১৩ কিলোগ্রাম সোণৰ বিস্কুটসহ দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন এজন আৰক্ষীৰ জিম্মাৰ পৰা পলাই যায়৷ ভাদোহীৰ আৰক্ষী অধীক্ষক মীনাক্ষি কাট্টায়নে প্রকাশ কৰা মতে, সোণৰ বিস্কুটৰ চোৰাং সৰবৰাহ কৰা তিনি ব্যক্তিয়ে কাৰ এখনেৰে আহি থকাৰ সম্ভেদ পাই কাৰখনৰ পাছে পাছে খেদি যায়৷ কাৰখনত থকা চোৰাং সোণৰ বিস্কুট সৰবৰাহকাৰীয়ে এই অভিযানৰ কথা গম পায় যদিও আৰক্ষীয়ে তৎপৰতাৰে বাহনখনক আগভেটি ধৰিবলৈ সক্ষম হয়৷ বাহনখনৰ পৰা দুজনক গ্রেপ্তাৰ কৰে যদিও আন এজন পলাই যায়৷ ধৃত দুজন মহাৰাষ্ট্রৰ ৰাহুল আৰু দীপক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷