নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবিৰোধী ৰঙা চীন : অৰুণাচলৰ ২৭টা স্থানৰ নতুন নামকৰণ

অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংশ– বিদেশ মন্ত্রালয়

নিউজ ডেস্ক, ১৪ মে’ : ভাৰতবিৰোধী ৰঙা চীন : অৰুণাচলৰ ২৭টা স্থানৰ নতুন নামকৰণ। পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ ঘটনাৰ প্রত্যাঘাত হিচাপে ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰত ‘অপাৰেচন সিন্দূৰ’ চলোৱা বিষয়টোক লৈ বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে ভাৰতক প্রশংসা কৰিছে৷

বিশেষকৈ ভাৰতত কূটাঘাত সংঘটিত কৰা সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলোৱা বাবে বিভিন্ন দেশে সন্ত্রাসবাদবিৰোধী এনে কঠোৰ পদক্ষেপক প্রশংসা কৰিছে৷ ইয়াৰ প্রত্যুত্তৰত পাকিস্তানে সীমান্তৰ সংঘাত তীব্রতৰ কৰিবলৈ জম্মুৰ পৰা গুজৰাটলৈকে আক্রমণ চলায়৷

সীমান্তৰ ভাৰতীয় ভূখণ্ডত এই আক্রমণত ব্যাপক ক্ষয়–ক্ষতিও হয়৷ লক্ষণীয়ভাৱে ভাৰত–পাকিস্তানৰ মাজত দ্বিপাক্ষিক সংঘাতৰ শীঘ্রে অৱসান ঘটিব লাগে বুলি চীনে মন্তব্য কৰিছিল৷ কিন্তু সেই চীনেই পূর্বৰ ভাৰতবিৰোধী ষড়যন্ত্রৰ পৰিচয় দাঙি ধৰি আকৌ এবাৰ অৰুণাচলৰ বিভিন্ন স্থানৰ নতুনকৈ নামকৰণ কৰিছে৷

ভাৰতৰ ২৭টা স্থানৰ নতুন নামকৰণ কৰি বিবৃতি প্রকাশ কৰিছে চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে৷ দেশখনৰ এই পদক্ষেপৰ তীব্র বিৰোধিতা কৰি বিবৃতি প্রকাশ কৰিছে ভাৰতেও৷ কালি বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু ভৱিষ্যতেও হৈ থাকিব৷ যোৱা ১২ মে’ত চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে অৰুণাচল প্রদেশৰ ২৭টা অঞ্চলৰ নতুন নামকৰণ কৰা হৈছে৷

স্মর্তব্য যে দীর্ঘদিন ধৰি অৰুণাচল প্রদেশ চীনৰ নিজ ভূখণ্ড বুলি দাবী কৰি অহা হৈছে৷ দেশখনৰ একাধিক মানচিত্রত অৰুণাচল প্রদেশক ‘জ্যাংনান’ অর্থাৎ তিব্বতৰ দক্ষিণ অংশ বুলি প্রকাশ কৰি অহা হৈছে৷ সেই জঘন্য পদক্ষেপ পুনৰ এইবাৰ গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ দেশখনৰ এই ষড়যন্ত্রৰ পিছতেই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে৷

কালি বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা বিবৃতি প্রকাশ কৰি মুখপাত্র ৰনধীৰ জয়ছোৱালে কয় যে ভাৰতৰ ৰাজ্য অৰুণাচল প্রদেশৰ নামকৰণৰ ব্যর্থ আৰু অযুক্তিকৰ চেষ্টা চলাইছে চীনে৷ সেয়া ভাৰতৰ নজৰত আছে৷ পূর্বৰ দৰে ভাৰতে চীনৰ এই ষড়যন্ত্রক নস্যাৎ কৰি যাব বুলিও ৰনধীৰ জয়ছোৱালে বিবৃতিটোত উল্লেখ কৰিছে৷ চীনে যিমানেই নতুন নতুনকৈ অৰুণাচল ভূখণ্ডৰ নামকৰণ নকৰক কিয়, অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব বুলি মন্তব্য কৰে বিদেশ মন্ত্রণালয়ৰ মুখপাত্রগৰাকীয়ে৷

স্মর্তব্য যে যোৱা বছৰ অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ চীনে নতুনকৈ নামকৰণ কৰিছিল৷ শেহতীয়াকৈ একেই পদক্ষেপ গ্রহণ কৰিছে বেইজিঙে৷ ১২টা আৱাসিক অঞ্চল, ১১খন পাহাৰ, চাৰিখন নদী, এটা সুৰংগ আৰু দুটা খালিস্তানৰ নামকৰণ কৰিছে বেইজিং প্রশাসনে৷ এই ঘটনা সন্দর্ভত বিদেশ মন্ত্রণালয়ে প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে নির্বোধৰ দৰে কাম কৰি আহিছে চীনে৷ নতুন নামকৰণ কৰিলেও বাস্তৱ কেতিয়াও সলনি কৰিব পৰা নাযায় বুলিও বিদেশ মন্ত্রণালয়ৰ প্রতিক্রিয়াত উল্লেখ কৰা হয়৷

লক্ষণীয়ভাৱে পূর্বৰ দৰে বেইজিং প্রশাসনৰ এই পদক্ষেপক নিন্দা কৰিছে যদিও এই সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই ভাৰতৰ প্রতিৱেশী দেশখনে৷ বাৰে বাৰে অৰুণাচলক নিজৰ ভূখণ্ড হিচাপে দাবী কৰি চীনে সীমান্তত ভাৰতৰ সৈতে সংঘাত দীর্ঘদিনলৈ অক্ষত ৰাখিব বিচাৰে বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷

You might also like