নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত চুৰি হোৱা ৩০ লাখ টকা হামাছলৈ প্রেৰণ

🔹 আৰক্ষীৰ তদন্তত উদ্বেগজনক তথ্য
🔹 এজন ব্যক্তিৰ ৱালেটৰ পৰা চুৰি হৈছিল বিপুল পৰিমাণৰ ধন

বিশেষ বাৰ্তা, ১২ অক্টোবৰ : ইজৰাইল–হামাছ সন্ত্রাসবাদীৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ভাৰতৰ পৰা হামাছ সন্ত্রাসবাদীলৈ ধন প্রেৰণৰ ভয়ংকৰ তথ্য চর্চাৰ মাজলৈ আহিছে৷ দিল্লী আৰক্ষীয়ে ক্রিপ্টোকাৰেঞ্চী ২০২২ চনৰ গোচৰৰ তদন্ত কৰি দিল্লীৰ এজন ব্যক্তিৰ ৱালেটৰ ধন চুৰি কৰি সেই ধন পেলেষ্টাইনৰ হামাছ সন্ত্রাসবাদীলৈ প্রেৰণৰ তথ্য পোহৰলৈ আনিছিল৷ এই গোচৰটো ইমান দিনে চর্চাৰ মাজলৈ অহা নাছিল যদিও ইজৰাইলী–হামাছ সন্ত্রাসবাদীৰ যুদ্ধৰ সময়ত চর্চিত হৈছে৷ ইজৰাইলে ক্রিপ্টোকাৰেঞ্চী ৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ পৰা হামাছে ধন সংগ্রহ কৰা বুলি তথ্য প্রকাশ কৰাৰ পিছত দিল্লীৰ এই গোচৰটোৱে পুনৰ উক দিছে৷ দিল্লী আৰক্ষীয়ে প্রকাশ কৰা মতে, দিল্লীৰ এজন ব্যক্তিৰ ৱালেটৰ পৰা ৩০ লাখ টকা চুৰি কৰি সেই ধন পেলেষ্টাইনৰ সন্ত্রাসবাদী সংগঠন হামাছৰ একাউণ্টলৈ প্রেৰণ কৰিছিল৷ আৰক্ষীৰ তথ্য মতে, ব্যক্তিজনৰ ৩০ লাখ টকা ক্রিপ্টোকাৰেঞ্চীৰ জৰিয়তে হামাছালৈ প্রেৰণ কৰা হৈছিল৷ দিল্লী আদালতে দিয়া নির্দেশৰ পিছতে আৰক্ষীয়ে এই সন্দর্ভত গোচৰ ৰুজু কৰি তদন্ত চলাই ভয়ংকৰ তথ্যটো পোহৰলৈ আনিবলৈ সক্ষম হৈছিল৷ দিল্লী আৰক্ষীৰ তথ্য মতে, এই ধনখিনি হামাছৰ সামৰিক গোট অল–কাছাম ব্রিগেডলৈ ৱালেটযোগে স্থানান্তৰ কৰা হৈছিল৷ তদুপৰি বিভিন্ন দেশৰ ব্যক্তিয়েও এনেদৰে ধন হামাছক যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছে৷ ইজিপ্তৰ গিজাৰ পৰাও অনেক লোকে হামাছলৈ ধন প্রেৰণ কৰিছে৷ এই ধনখিনি মহম্মদ নাছিক ইব্রাহিম আব্দুল্লাৰ নামত থকা একাউণ্টলৈ স্থানান্তৰ হৈছিল৷ হামাছৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে দিল্লী আৰক্ষীয়ে ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রালয়ৰ সৈতে এই গোচৰ সন্দর্ভত আলোচনা কৰে৷ কিয়নো হামাছে ছ’চিয়েল নেটৱর্কযোগে জনতাক সংগঠনটোৰ একাউণ্টত ধন জমা কৰাৰ আহ্বান জনাই আহিছে৷ ইতিমধ্যে ইজৰাইলে এনে ধৰণৰ কেইবাটাও একাউণ্ট চিনাক্ত কৰি ক্রিপ্টোকাৰেঞ্চী একাউণ্ট জব্দ কৰিছে৷

You might also like