মার্কিন কাৰাগাৰত ৩০ বছৰ কটাই ইজৰাইললৈ পোলার্ড
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ আমেৰিকাৰ কাৰাগাৰত ৩০ বছৰতকৈ অধিক কাল কটোৱা প্রাক্তন চোৰাংচোৱা জনাথন পোলার্ড কালি এখন ব্যক্তিগত বিমানেৰে ইজৰাইলত উপস্থিত হৈছে৷ পত্নীৰ সৈতে ইজৰাইলত পোলার্ড উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে তেওঁক আদৰণি জনায়৷
উল্লেখনীয় যে নেতান্যেহু আৰু ট্রাম্পৰ সমর্থক ধনকুবেৰ ছেলড’ন এডেলছনে ইজৰাইলত পোলার্ডক উপস্থিত হোৱাৰ ক্ষেত্রত সহায় কৰে৷ ইজৰাইলৰ হৈ চোৰাংচোৱা বৃত্তিত জড়িত থকাৰ অভিযোগত আমেৰিকাই দোষী সাব্যস্ত কৰিছিল পোলার্ডক৷