নর্দার্ন এলায়েঞ্চৰ এম্বুছত আণ্ডাৰবত নিহত ৩০০ তালিবান
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: নির্বাচিত চৰকাৰৰ সামৰিক বাহিনীক সহজে পৰাজিত কৰি আফগানিস্তানৰ শাসন নিজৰ দখললৈ অনা নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানৰ বিৰুদ্ধে জনতাৰ প্রতিৰোধ তীব্রতৰ হৈ উঠিছে৷ যোৱা ১৫ আগষ্টত দেশখনৰ স্বাধীনতা দিৱসৰ দিনাই ৰাষ্ট্রীয় পতাকা লৈ দেশৰ প্রান্তে প্রান্তে তালিবানৰ বিৰুদ্ধে জনতা ওলাই অহাৰ পাছত সম্প্রতি তালিবানবিৰোধী জনতাৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশখনত তালিবানে দখল কৰিবলৈ সক্ষম নোহোৱা পঞ্জশীৰ উপত্যকাৰ পৰাই নিষিদ্ধ সন্ত্রাসবাদী সংগঠনটোৰ বিৰুদ্ধে প্রতিৰোধী অভিযান আৰম্ভ হৈছে৷
পঞ্জশীৰৰ আণ্ডাৰবত নর্দার্ন এলায়েন্সৰ সৈতে তালিবান সন্ত্রাসবাদীৰ তীব্র সংঘর্ষৰ সৃষ্টি হৈছে৷ এই সংঘর্ষৰ সময়ত অতি কমেও তিনিশ তালিবানী সন্ত্রাসবাদী নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে৷ নর্দার্ন এলায়েন্সত সাধাৰণ জনতাই মিলিত হৈ চুন্নী ইছলামিক নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানৰ বিৰুদ্ধে প্রতিৰোধী অভিযান চলাই আহিছে৷
দেশখনৰ প্রাক্তন প্রথম উপ–ৰাষ্ট্রপতি তথা স্বঘোষিত তত্ত্বাৱধায়ক ৰাষ্ট্রপতি আমৰুল্লা ছালেহৰ নেতৃত্বত চৰকাৰী সেনা আৰু আহমেদ মাছুদৰ নেতৃত্বত নেচনেল ৰেজিষ্ট্রেনছ ফ্রণ্টে পঞ্জশীৰৰ আশে–পাশে থকা অঞ্চলসমূহত জনতাক একত্রিত কৰি তালিবানৰ বিৰুদ্ধে যুঁজি আছে৷ তালিবানৰ বিৰুদ্ধে যুঁজত পঞ্জশীৰৰ শিশুসকলেও বন্দুক হাতত তুলি ল’বলৈ কুণ্ঠাবোধ কৰা নাই৷ তালিবানক প্রত্যক্ষভাৱে প্রত্যাহ্বান জনোৱা স্বঘোষিত তত্ত্বাৱধায়ক আফগানিস্তানৰ ৰাষ্ট্রপতি আমৰুল্লা ছালেহ আৰু তালিবানৰ বিৰুদ্ধে আজীৱন যুঁজ কৰি থকা আহমেদ মাছুদৰ নেতৃত্বত তালিবানৰ পৰা দেশৰ অঞ্চলসমূহ উদ্ধাৰৰ যুঁজ চলি আছে৷
ইপিনে, আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে বিদেশী ৰাষ্ট্রসমূহক ৩১ আগষ্টত আফগানিস্তান এৰাৰ অন্তিম সময়সীমাৰ ভিতৰতে দেশখন এৰিবলৈ কঠোৰ সকীয়নি দিছে তালিবানে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে আফগানিস্তানৰ পৰা সন্মিলিত বাহিনীৰ সৈতে কাম কৰা আফগান নাগৰিকক কাবুলৰ পৰা প্রত্যাৱর্তন নকৰালৈকে দেশৰ সেনা কাবুলত থাকিব বুলি ঘোষণা কৰিছিল৷ অর্থাৎ অন্তিম সময়সীমাতকৈ কিছুদিন আমেৰিকাৰ সেনা কাবুলত থাকিব বুলি ৰাষ্ট্রপতিগৰাকীয়ে প্রকাশ কৰিছিল৷ ইয়াৰ পাছতেই তালিবানে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি ৩১ আগষ্টৰ ভিতৰতে আফগানিস্তান এৰিবলৈ মার্কিন সেনাক সকীয়নি দিছে৷
তেহৰিক–ই–তালিবান, আফগানিস্তানৰ ছোহেইল ছাহিনে ৩১ আগষ্টৰ পূর্বে আফগানিস্তান মার্কিন সেনাবাহিনী নেৰিলে দেশখনৰ সেনাই ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব৷ আনপিনে যোৱা ১৫ আগষ্টত ৰাজধানী কাবুল দখলৰ পাছৰে পৰা আফগানিস্তানত নতুন চৰকাৰ গঠন কৰাৰ বাবে তালিবানে বিভিন্ন জেহাদী সংগঠনৰ লগতে পূর্বৰ চৰকাৰৰ তালিবান সমর্থকৰ সৈতে আলোচনাত মিলিত হৈ আছে৷ তালিবানৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে শীঘ্রেই চৰকাৰ গঠনৰ আনুষ্ঠানিকতা ঘোষণা কৰিব বুলি টুইটাৰযোগে প্রকাশ কৰিছে৷
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রই সেনা প্রত্যাহাৰ সম্পূর্ণ কৰাৰ দুসপ্তাহ পূর্বেই তালিবানে আফগানিস্তানৰ শাসন নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল৷ ইছলামিক এমিৰেট অৱ আফগানিস্তানত সম্প্রতি আনুষ্ঠানিকভাৱে তালিবানৰ চৰকাৰ গঠন হোৱা নাই যদিও শাসন সম্পূর্ণ তালিবানৰ নিয়ন্ত্রণত আছে৷ লক্ষণীয় যে কাবুল আন্তর্জাতিক বিমানবন্দৰ আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনীৰ সম্পূর্ণ নিয়ন্ত্রণত আছে যদিও বিমানবন্দৰৰ বাহিৰৰ অঞ্চল তালিবানৰ হাতত আছে৷ দেশ এৰি বিদেশলৈ যাবলৈ বিচৰা লোকসকলকো তালিবানী সন্ত্রাসবাদীয়ে বিভিন্ন প্রকাৰে হকা–বধা কৰি আছে৷
আনপিনে, দেশ এৰা লোকৰ ভিৰ বৃদ্ধি হৈয়ে থকাৰ পৰিপ্রেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্রই নিৰাপত্তা কঠোৰ কৰি তুলিছে৷ বিমানবন্দৰৰ বাহিৰত ভিৰ হোৱা জনতাৰ মাজৰ পৰাই অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰি উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰিছে৷ অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিৰাপত্তাৰ দায়িত্বত থকা আফগান সেনাৰ এজন নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে৷ এই ঘটনাই বিমানবন্দৰ চৌহদৰ বাহিৰত শংকাময় পৰিস্থিতি সৃষ্টি কৰিছে৷