বিশ্বত ক’ৰোনাই প্রাণ কাঢ়িলে ৩ লাখৰ
নিয়মীয়া বাৰ্তা, ১৫ মে’ : মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছত বিশ্বজুৰি মৃত লোকৰ সংখ্যাই ৩ লাখ অতিক্রম কৰিছে ৷ লকডাউন, সামাজিক দূৰত্ব আদি অনেক ব্যৱস্থা গ্রহণ কৰিও প্রাণঘাতী ক’ভিড–১৯ ভাইৰাছৰ সংক্রমণ ৰোধ কৰিব পৰা নাই বিশ্ববাসীয়ে ৷ শেহতীয়া তথ্য অনুসৰি সমগ্র বিশ্বত ৪৪,৬৪,৭২৬ লোক এই মহামাৰীত আক্রান্ত হৈছে ৷ আমেৰিকাত বিভিন্ন দেশৰ ভিতৰতে সর্বাধিক ১৪ লাখ ৩২ হাজাৰ লোক আক্রান্ত হৈছে ৷ যোৱা ২৪ ঘণ্টাত দেশখনত ২১,৭১২জন লোক সংক্রমিত হৈছে ৷ আমেৰিকাত মৃত লোকৰ সংখ্যায়ো ৮৫ হাজাৰ অতিক্রম কৰিছে ৷ ইউৰোপত সর্বাধিক ১৭ লাখ লোক আক্রান্ত হোৱাৰ বিপৰীতে উত্তৰ আমেৰিকাত ১৫ লাখ ৭৪ হাজাৰ, এছিয়াত ৭ লাখ ৩৩ হাজাৰ, দক্ষিণ আমেৰিকাত ৩ লাখ ৫৮ হাজাৰ, আফ্রিকাত ৭৪ হাজাৰ আৰু অ’ছেনিয়াত ৮ হাজাৰ ৬০০জন লোক আক্রান্ত হৈছে ৷ উল্লেখ্য যে শেহতীয়াকৈ দক্ষিণ আমেৰিকাৰ ব্রাজিলত তীব্র ৰূপত বৃদ্ধি পাইছে সংক্রমণ৷ দেশখনত ১ লাখ ৯২ হাজাৰজন লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে প্রায় ১৩ হাজাৰ ৩০০ লোকে ৷