নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজিপ্তৰ ছাক্কাৰা মালভূমিত উদ্ধাৰ ৫৯টা প্রাচীন কফিন

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ইজিপ্তৰ ৰাজধানী কাইৰোৰ দক্ষিণ প্রান্তত উদ্ধাৰ হৈছে ৫৯টা অতি প্রাচীন কফিন৷ ভাস্কর্যখচিত এই কফিনকেইটাত মৃতদেহৰ মামি উদ্ধাৰ হৈছে৷ তিনিটা স্থানত উদ্ধাৰ হৈছে এই কফিনবোৰ৷ দেশখনৰ প্রত্নতাত্ত্বিকসকলে ভাস্কর্যখচিত কফিনসমূহৰ লিপিৰ ওপৰত গৱেষণা চলাই এই কফিনবোৰ ২৬০০ বছৰতকৈ অধিক পুৰণি বুলি ঘোষণা কৰিছে৷

দেশখনৰ পর্যটন আৰু প্রত্নতত্ত্ব বিভাগৰ মন্ত্রীগৰাকীয়ে সংবাদ সংস্থা বি বি চিক জনাইছে এই তথ্য৷ পর্যটনমন্ত্রী খালিদ এল–আনানীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বহু প্রাচীন কফিন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷ লগে লগে দেশখনৰ প্রত্নতাত্ত্বিক বিভাগত আৰম্ভ হৈছে তৎপৰতা৷

উল্লেখনীয় যে ছাক্কাৰা মালভূমিত এই কফিনবোৰ উদ্ধাৰ হৈছে৷ ছাক্কাৰা মালভূমি হৈছে কমপক্ষেও ১১টা বিশাল পিৰামিডৰ ভঁৰাল৷ এই পিৰামিডসমূহৰ ভিতৰত ষ্টেপ পিৰামিডো আছে ছাক্কাৰা মালভূমিত৷ ইজিপ্তৰ প্রথম ৰাজবংশৰ সদস্যসকলৰ মৃতদেহ এই অঞ্চলতেই সমাধিস্থ কৰা হৈছিল৷

You might also like