নিয়মীয়া বাৰ্তা, ২৯ জুলাই : বিবাহৰ ঠিক পাছতে স্বামী নাৰীলৈ ৰূপান্তৰিত হোৱা ঘটনা আপুনি শুনিছেনে?এনে ঘটনাত পত্নী গৰাকীয়ে বাৰু কেনে আচৰণ কৰিব?এনে ঘটনা হ’লে সাধাৰণ মানুহ আচৰিত হোৱাটোয়েই স্বাভাৱিক।আচৰিত যেন লাগিলেই এনে অনুৰূপ ঘটনা সংঘটিত হৈছে এইখন আজৱ পৃথিৱীত।
আমেৰিকাত সংঘটিত হৈছে এই ঘটনা।আমেৰিকাৰ মিছিগান চহৰৰ বাসিন্দা তথা বিবাহিত স্বামী স্ত্ৰীৰ এয়া বাস্তৱ জীৱনৰ কাহিনী।দীৰ্ঘ দিন ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত তেওঁলোকে বিবাহৰ সিদ্ধান্ত লয় আৰু এটি সন্তানৰো পিতৃ মাতৃ হয়।