ৰাস্তাৰ কুকুৰেও পালে চাকৰি, ডিঙিত ওলমাই দিয়া হ’ল আই-কার্ড
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। গাড়ীৰ শ্ব’ৰুমত চাকৰি পালে এটা ৰাস্তাৰ কুকুৰে। সকলোকে অবাক কৰি যোৱা এই ঘটনা সংঘটিত হ’ল ব্ৰাজিলত, যাৰ পাছতে সেই বিশেষ কুকুৰৰ ছবি এতিয়া ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল।
কোনে ভাবিছিল যে কুকুৰো হ’ব পাৰে চেলছমেন। ব্রাজিলৰ এক জনপ্রিয় গাড়ী প্রস্তুতকাৰী সংস্থাই নিজৰ শ্ব’ৰুমত বাহিৰৰ এটা কুকুৰক চেলছমেন হিচাপে নিয়োগ কৰিছে। সেই কুকুৰটোৰ ডিঙিত এতিয়া শ্ব’ৰুমৰ বাকীসকল ষ্টাফৰ দৰে আই-কার্ড পিন্ধাই ৰখা হৈছে।
শ্ব’ৰুমটোত নৱনিযুক্ত সেই চেলছমেনৰ নাম টেক্সন। ইনষ্টাগ্রামত সেই কুকুৰটো tucson_prime নামেৰে জনপ্রিয়। ৪১ হাজাৰৰো বেছি মানুহে এতিয়া তেওঁক ফ’ল’ কৰিছে।
A pooch always around the Hyundia showroom was adopted and stays at the showroom now. Such a nice story. Be kind. That’s all there is to be! pic.twitter.com/wHXpQAEWjw
— Natasha A. (@Grammar_nazzzi) August 4, 2020