আফগানিস্তানত মহিলা সাংবাদিকক গুলীয়াই হত্যা
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ আফগানিস্তানত সন্ত্রাসবাদীৰ আক্রমণত পুনৰ এগৰাকী মহিলা সাংবাদিক নিহত হৈছে৷ নিজ বাহনেৰে মালালা মাইৱাণ্ড নামৰ টেলিভিছন সাংবাদিকগৰাকীয়ে বাসগৃহৰ পৰা জালালাবাদৰ কর্মস্থলীলৈ গৈ থকা সময়তে বন্দুকধাৰীয়ে অতর্কিতে আক্রমণ কৰে৷
বন্দুকধাৰীৰ নির্বিচাৰ গুলীবর্ষণত মালালা আৰু তেওঁৰ গাড়ীচালক মহম্মদ তাহিৰ নিহত হয়৷ তাৎক্ষণিকভাৱে এই আক্রমণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই যদিও এয়া ইছলামিষ্ট সন্ত্রাসবাদীৰ কার্য হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷
উল্লেখনীয় যে নাট’ আৰু ইউৰোপীয় সংঘই আফগানিস্তানত শেহতীয়াকৈ সংঘটিত এলানি হত্যাকাণ্ডৰ ঘটনাক গৰিহণা দিয়াৰ পাছতে সাংবাদিক মালালা মাইৱাণ্ডৰ ওপৰত সন্ত্রাসবাদীয়ে আক্রমণ চলাইছে৷ প্রাদেশিক গৱর্নৰৰ মুখপাত্র আতাউল্লা খোগিয়ানিয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি অচিনাক্ত সন্ত্রাসবাদীয়ে সাংবাদিকগৰাকীৰ ওপৰত আক্রমণ চলাই মুহূর্ততে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে৷