আফগানিস্তানত মানৱতাৰ হাহাকাৰঃ বন্দুকৰ নলীৰ আগত সাধাৰণ নাগৰিকৰ জীৱন
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রৰ বায়ুসেনাৰ চি–১৭ গ্ল’ব মাষ্টাৰ ৩৷ কাবুল বিমানবন্দৰত এই বিমানখন উৰণৰ সময়ত বিমানত উঠিবলৈ ৰানৱে’ত দৌৰিছে হাজাৰ হাজাৰ লোক৷ সকলোৱে বিমানখনত উঠি নিৰাপদ স্থানলৈ যোৱাৰ যুঁজ৷ কার্যতঃ নিজৰ জীৱন ৰক্ষাৰ যেন শেষ যুঁজ৷ বিমানখনৰ ভিতৰত মজিয়াত বহি ৬ সহস্রাধিক লোকৰ দেশ এৰি আন দেশলৈ যাত্রা৷
বিমানবন্দৰত জনগণৰ এনে হাহাকাৰ আৰু বিমানৰ ভিতৰত একাংশৰ স্বস্তিৰ নিশ্বাস৷ এই দুই দৃশ্যই প্রতিফলিত কৰিছে আফগানিস্তানৰ বর্তমান পৰিস্থিতি৷ তেনেদৰে কাবুলৰ বিমানবন্দৰৰ পৰা উৰন্ত বিমানৰ পৰা তিনিজন লোক আকাশৰ পৰা মাটিত সৰি পৰা ভিডিঅ’ ফুটেজে দেশখনত সৃষ্ট পৰিস্থিতিৰ ভয়াৱহতা স্পষ্ট হৈছে৷
নির্বাচিত চৰকাৰখনক পৰাভূত কৰি নিষিদ্ধ ইছলামিক সন্ত্রাসবাদী সংগঠন তালিবানে পুনৰ আফগানিস্তান দখল কৰাৰ লগে লগে আফগান নাগৰিকৰ মাজত তালিবানী নৃশংসতাৰ শংকা পলে পলে বৃদ্ধি পাইছে৷ একাংশই নিজৰ সকলো সা–সম্পত্তি এৰি আন নিৰাপদ স্থানলৈ যোৱাৰ বাবে বিমানবন্দৰত ভিৰ কৰিছে৷ আন একাংশই ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি কেতিয়াকৈ তেওঁলোকৰ মৃত্যুৰ বতৰা লৈ তালিবানী সদস্য গৃহত উপস্থিত হয়, তাক লৈ শংকাত ভুগিছে৷ ১৯৯৬ চনত তালিবানী শাসনৰ নৃশংসতাৰ ক্ষণবোৰ স্মৰণ কৰি শংকিত হৈছে সাধাৰণ জনগণ৷
তালিবানৰ লগত বিদেশী সন্ত্রাসবাদী সংগঠনৰ সদস্যই অত্যাধুনিক মাৰণাস্ত্র লৈ ৰাজপথ–ঞ্চলে অঞ্চলে টহল দি থকাৰ ফলত ত্রাসিত হৈছে নিৰীহ জনগণ৷ মহিলা, শিশু–কন্যাই নিৰাপত্তা আৰু সুৰক্ষাৰ শংকাত ঘৰতে বহি নিৰলে উচুপিছে৷ তেওঁলোকৰ জীৱনলৈ এক অন্ধকাৰ নামি অহাটো নিশ্চিত হোৱাটো উপলব্ধি কৰি বিদেশী ৰাষ্ট্রৰ সহায় প্রার্থনা কৰিছে৷ দেশখনৰ প্রধান চহৰ তালিবানী সদস্যৰ টহলৰ বিপৰীতে সাধাৰণ জনগণৰ জীৱনৰ প্রতি শংকা নামি আহিছে৷
ইফালে আফগানিস্তানৰ ৰাজধানী কাবুল তালিবানে দখল কৰাৰ পিছতে নিৰাপত্তাজনিত পৰিস্থিতি বিপজ্জনক হৈ উঠাৰ পৰিপ্রেক্ষিতত ভাৰতীয় ৰাষ্ট্রদূত আৰু কার্যালয়ৰ কর্মচাৰী–বিষয়াক মঙলবাৰে ভাৰতীয় বায়ু সেনাবাহিনীৰ বিমানেৰে স্বদেশলৈ ওভতাই অনা হ’ল৷ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানে নির্বাচিত আফগান চৰকাৰক পৰাভূত কৰি শাসন নিজৰ হাতলৈ অনাৰ দুদিন পিছত ভাৰতীয় দূতাৱাসৰ কর্মচাৰীক লৈ বায়ুসেনাৰ চি–১৭ গধুৰ বিমান আজি পুৱা গুজৰাটৰ জামনগৰত অৱতৰণ কৰে৷ লগে লগে নিৰাপত্তাৰ শংকাত ভোগা ভাৰতীয় নাগৰিকসকল নিৰাপদে নিজ গৃহভূমিত পদার্পণ কৰিলে৷
১৫ আগষ্টৰ নিশা সন্ত্রাসবাদী সংগঠন তালিবানে কাবুল দখল কৰাৰ পিছত নতুন দিল্লীয়ে কাবুলস্থিত দূতাৱাসৰ সৈতে অহৰহ যোগাযোগ চলাই অৱশেষত তালিবানৰ দখলত থকা কাবুলৰ পৰা ভাৰতীয়সকলক ওভতাই আনিবলৈ সক্ষম হৈছে৷ তালিবান ২০ বছৰৰ মূৰকত পুনৰ আফগানিস্তানৰ শাসনত অধিষ্ঠিত হোৱাৰ পিছত তালিবানী শাসনক লৈ বিশ্বজুৰি ত্রাসিত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পূর্বৰ শাসনৰ কালছোৱাত তালিবানী নৃশংসতাৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রসংঘকে ধৰি বিশ্বৰ বিভিন্ন দেশে দেশখনৰ মহিলা শিশু–কন্যাৰ নিৰাপত্তাৰ বাবে তালিবানক সংযমী হ’বলৈ আহ্বান জনাইছে৷ ২০ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্র আৰু নাটো বাহিনীয়ে আফগানিস্তানত থাকি দেশখনৰ পৰা সেনা প্রত্যাহাৰ কৰাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে উজ্জীৱিত হৈ তালিবানে দেশ দখলৰ অভিযান চলায় আৰু এমাহৰ ভিতৰতে সম্পূর্ণ দেশখন নিজৰ দখললৈ আনিবলৈ সক্ষম হয়৷
আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রই সেনা প্রত্যাহাৰ কৰাক লৈ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন বিশ্ব সম্প্রদায়ৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে৷ আমেৰিকাৰ প্রতিদ্বন্দ্বী চীনে প্রত্যক্ষভাৱে আফগানিস্তানৰ বিশৃংখল পৰিস্থিতিৰ বাবে মার্কিন প্রশাসনক জগৰীয়া কৰিছে৷ আফগানিস্তানক ভয়াৱহ বিশৃংখল পৰিস্থিতিৰ মাজত এৰি আমেৰিকাই লোৱা পদক্ষেপক সমালোচনা কৰিছে চীনে৷ সম্প্রতি আফগানিস্তান নিয়ন্ত্রণত ৰখা তালিবানৰ সৈতে বন্ধুত্বমূলক সম্পর্ক গঢ়িবলৈ চীনে মুকলিভাৱে সাজু বুলি ঘোষণা কৰিছে৷
আমেৰিকাক সমালোচনা কৰি চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র হুৱা চুনীয়িঙে কয় যে আমেৰিকাৰ শক্তি আৰু ভূমিকা বিনাশকাৰী গঠনমূলক নহয়৷
ইপিনে, ৰাছিয়ায়ো আমেৰিকাক সমালোচনা কৰি কয় যে পলাতক আফগান ৰাষ্ট্রপতি আশ্রফ ঘানিৰ শাসনতকৈ তালিবানৰ শাসন অধিক ভাল হ’ব৷ কার্যতঃ আফগানিস্তানত তালিবানৰ শাসনক লৈ বিশ্ব সমুদায়ৰ মাজত বিভেদ স্পষ্টকৈ প্রতিফলিত হৈছে৷
ইপিনে, আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্তক লৈ বিশ্বৰ দেশসমূহৰ কঠোৰ সমালোচনাৰ সমুখীন হ’লেও মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে এই সিদ্ধান্ত সঠিক আছিল বুলি আত্মপক্ষ সমর্থন কৰিছে৷ যোৱানিশা হোৱাইট হাউছত সাংবাদিকক সম্বোধন কৰি মার্কিন ৰাষ্ট্রপতি বাইডেনে কয় যে আমেৰিকাই বিগত সময়ৰ দৰে ভুলৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে৷ অনির্দিষ্টকালীন সময়ৰ বাবে যুদ্ধ আৰু দেশখনত বাহৰ পাতি থাকি আমেৰিকাৰ ৰাষ্ট্রীয় স্বার্থৰ বিপৰীতে কাম কৰিব নোৱাৰে৷ তদুপৰি আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ কৰা সিদ্ধান্ত সঠিক বুলি উল্লেখ কৰি ৰাষ্ট্রপতি বাইডেনে কয়– যুদ্ধত আমেৰিকাৰ সেনাক মৃত্যুমুখলৈ ঠেলি দিব নোৱাৰি৷ কিয়নো আফগান সেনাবাহিনীয়ে তালিবানৰ বিৰুদ্ধে যুঁজিবলৈ ইচ্ছা নকৰে৷
উল্লেখ্য যে প্রায় ২০ বছৰ পূর্বে স্পষ্ট লক্ষ্য লৈ আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রৰ সেনা উপস্থিত হৈছিল৷ ২০০১ চনৰ ১১ ছেপ্ঢেম্বৰত আমেৰিকাত সন্ত্রাসবাদী আক্রমণ চলোৱা আল–কায়দাই যাতে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰি পুনৰ আক্রমণ কৰিব নোৱাৰে, তাৰ বাবেই দেশখনত আমেৰিকাৰ সেনাই বাহৰ পাতিছিল৷ দশক পূর্বে আমি সেয়া কৰিছিলোঁ৷ আমাৰ মিছন নাছিল দেশখন গঠন কৰা৷ তালিবানৰ শাসনত আফগান নাগৰিকৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ বিশ্বজুৰি এতিয়া ব্যাপক চর্চা চলিছে৷ এনে সময়তে ছ’চিয়েল মিডিয়া ফেচবুক আৰু টুইটাৰে সন্ত্রাসবাদী সংগঠন তালিবানক নিষিদ্ধ কৰিছে৷
ছ’চিয়েল মিডিয়া ফেচবুকে ঘোষণা কৰা মতে, তালিবানক কোম্পানীটোৱে নিষিদ্ধ কৰিছে আৰু এই মঞ্চৰ পৰা সন্ত্রাসবাদ সম্বন্ধীয় অর্থাৎ তালিবান সম্পর্কীয় সকলো একাউণ্ট বাতিল কৰা হ’ব৷
মন কৰিবলগীয়া যে বিগত সময়ছোৱাত ফেচবুক, টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰি নিষিদ্ধ সংগঠন তালিবানে প্রচাৰ চলাইছিল৷ আনপিনে আফগানিস্তান নিজৰ দখললৈ অনাৰ পিছতেই তালিবানে চৰকাৰী কর্মচাৰীসকলক ক্ষমাদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ সকলো চৰকাৰী কর্মচাৰীক কার্যালয়লৈ আহিবলৈ নির্দেশ দিছে তালিবানী কর্তৃপক্ষই৷ দেশখনত সম্প্রতি তালিবানৰ পতাকা লৈ ৰাজপথত বিদেশী সন্ত্রাসবাদী সংগঠনৰ সদস্যই অত্যাধুনিক মাৰণাস্ত্র লৈ টহল দিছে৷ বিদেশী সন্ত্রাসবাদী সংগঠনৰ সদস্যৰ টহলক লৈ ত্রাসিত হৈছে আফগানৰ সাধাৰণ জনগণ৷ নিৰাপত্তা আৰু শংকাত ভুগি কটাবলগীয়া হৈছে দিন–ৰাতি৷
দেশখনত তালিবানী শাসনত যাতে পূর্বৰ দৰে নৃশংস ঘটনা নহয়, তাৰ বাবে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ কার্যালয়ে বিবৃতিযোগে তালিবানক প্রতিশ্রুতি দিবলৈ আহ্বান জনাইছে৷ মানৱ অধিকাৰ কার্যালয়ৰ মুখপাত্র ৰূপাৰ কলভিল্লে বিবৃতিযোগে প্রকাশ কৰা মতে, তালিবানে অনেক প্রতিশ্রুতি দিছে, সেই প্রতিশ্রুতি তালিবানে ৰক্ষা কৰক৷ প্রাক্তন চৰকাৰী কর্মচাৰীসকলক ক্ষমাদানকে ধৰি বিভিন্ন প্রতিশ্রুতি পালন কৰক৷ আফগানিস্থানত তালিবানৰ শাসনক লৈ তুৰস্কই আদৰণি জনাইছে৷ তালিবানে আফগানিস্তান দখল কৰি ইতিবাচক বার্তা প্রেৰণ কৰিছে বুলি তুৰস্কৰ বৈদেশিক মন্ত্রীয়ে আজি বিবৃতিযোগে ঘোষণা কৰিছে৷