নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰলৈ আহিল শিহৰণকাৰী তথ্যঃ আমেৰিকাত ৯/১১ সদৃশ আঘাতৰ পুনৰ পৰিকল্পনা চলাইছিল বিন লাডেনে

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ৯/১১ আক্রমণৰ দৰে পুনৰ আমেৰিকাত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা চলাইছিল কুখ্যাত সন্ত্রাসবাদী নেটৱর্ক আল–কায়দাৰ প্রাক্তন মুৰব্বী ওছামা বিন লাডেনে৷ পুনৰ আমেৰিকাক ৰক্তাক্ত কৰিব বিচাৰিছিল কুখ্যাত এই আন্তর্জাতিক সন্ত্রাসবাদীয়ে৷ সম্প্রতি মার্কিন নৌসেনাৰ ছীল কমাণ্ডোৰ নথিৰ পৰা এই তথ্য জানিব পৰা গৈছে৷ এই তথ্য প্রকাশ পোৱাৰ লগে লগে আমেৰিকাত বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ ২০০১ চনৰ ১১ ছেপ্ঢেম্বৰত আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রৰ যমজ দুর্গ দুখন যাত্রীবাহী বিমানেৰে ধ্বংসস্তূপত পৰিণত কৰিছিল লাডেনে৷ লাডেনে পঠিওৱা আত্মঘাতী সন্ত্রাসবাদীৰ এই আক্রমণৰ পিছত আফগানিস্তানত সন্ত্রাসবাদবিৰোধী যুদ্ধ আৰম্ভ কৰিছিল আমেৰিকাই৷ আফগান মিলিছিয়াবোৰৰ সৈতে লগ হৈ দেশখনৰ ক্ষমতাৰ পৰা তালিবানক উৎখাত কৰিছিল আমেৰিকাই৷ অৱশ্যে আফগানিস্তানত লাডেনৰ কোনো শুংসূত্র নাপালে যদিও ২০১১ চনত পাকিস্তানত কুখ্যাত সন্ত্রাসবাদী মাষ্টাৰ মাইণ্ডক হত্যা কৰিবলৈ সক্ষম হয় মার্কিন ছীল কমাণ্ডো৷

You might also like