নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাক ঋণ হিচাপে লাগে তিনি লাখ কোটি ডলাৰ

নিয়মীয়া বাৰ্তা, ৫ মে’ : চলিত বিত্তীয় বর্ষত দ্বিতীয়টো পর্যায়ত আমেৰিকাই অভিলেখসংখ্যক ৩ লাখ কোটি ডলাৰ ঋণ হিচাপে বিচাৰিছে৷ ইয়াৰ জৰিয়তে ক’ৰোনা ভাইৰাছ সম্পর্কিত বিভিন্ন সাহায্য পেকেজ ঘোষণা কৰিব বিচাৰে হোৱাইট হাউছ প্রশাসনে৷

উল্লেখনীয় যে ২০০৮ চনৰ বিত্তীয় মহামন্দাৰ সময়ত আমেৰিকাই লোৱা ঋণতকৈ এয়া ৫ গুণ বেছি৷ ২০১৯ বর্ষত আমেৰিকাই ঋণ হিচাপে গ্রহণ কৰিছিল ১.২৮ লাখ কোটি ডলাৰ৷ ইতিমধ্যে হোৱাইট হাউছ প্রশাসনে ভাইৰাছ সম্পর্কিত বিভিন্ন সাহায্য ব্যৱস্থা, স্বাস্থ্যৰক্ষা আৰু প্রত্যক্ষ আদায় হিচাপে ৩ লাখ কোটি ডলাৰত অনুমোদন জনাইছে৷ নতুন বর্ষটোত হোৱাইট হাউছত মুঠ ঋণ হৈছে ২৫ লাখ কোটি ডলাৰ৷

শেহতীয়াকৈ দেশখনত ক’ভিড–১৯ৰ সংহাৰে মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ অতিৰিক্তভাৱে ১৪ শতাংশ ধন এতিয়া স্বাস্থ্য ক্ষেত্রত খৰচ কৰিছে ট্রাম্প চৰকাৰে৷ অর্থাৎ বাজেটৰ বৃহৎ অংকৰ ধনৰাশি এইবাৰ ক’ৰোনা ভাইৰাছৰ প্রতিৰোধৰ নামত খৰচ হোৱাৰ সম্ভাৱনা আছে৷

স্মর্তব্য যে ইতিমধ্যে হোৱাইট হাউছ প্রশাসনে কৰ আদায়ৰ ক্ষেত্রত চূড়ান্ত সময়সীমা ১৫ এপ্রিলৰ পৰা মে’ মাহলৈ বৃদ্ধি কৰিছে৷ এক ভয়াৱহ বিত্তীয় সংকটৰ আশংকাই দেখা দিছে আমেৰিকাত৷

You might also like