নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহিংগ্যা শৰণার্থীলৈ আমেৰিকাৰ ১৮০ নিযুত ডলাৰ সাহায্য ঘোষণা

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ম্যানমাৰৰ পৰা পলায়ন কৰি বাংলাদেশত আশ্রয় গ্রহণ কৰা সাত লক্ষাধিক ৰহিংগ্যা শৰণার্থীৰ বাবে আমেৰিকাই অতিৰিক্তভাৱে ১৮০ নিযুত ডলাৰ সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷

দেশখনৰ বিদেশ দপ্তৰৰ মুখপাত্র নেড প্রাইচে বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘত থকা আমেৰিকাৰ কূটনীতিক লিণ্ডা থমাছ–গ্রীনফিল্ডে মানৱীয় সাহায্য হিচাপে ৰহিংগ্যাসকললৈ এই ধন আগবঢ়োৱা বুলি ঘোষণা কৰিছে৷

You might also like