নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগৰাম বিমানঘাটি এৰিলে আমেৰিকা–নাটোৱে

; আফগানিস্তানৰ পৰা বিদেশী সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  আফগানিস্তানৰ বৃহত্তম বিমানঘাটি বাগৰামৰ পৰা শুকুৰবাৰে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিছে আমেৰিকান আৰু নাটো বাহিনী৷ সুদীর্ঘ ২০ বছৰ ধৰি আফগানিস্তানত সন্ত্রাসবাদবিৰোধী যুদ্ধত নিয়োজিত আছিল আমেৰিকা তথা নাটো বাহিনীৰ সৈনিকসকল৷ আমেৰিকা আৰু নাটোৰ এই সৈনিকসকলৰ প্রত্যাৱর্তনৰ পিছতে আফগানিস্তানৰ পৰা বিদেশী বাহিনীৰ সম্পূর্ণ প্রত্যাৱর্তনৰ ইংগিত পোৱা গৈছে৷

আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ইতিমধ্যে ঘোষণা কৰিছে যে ১১ ছেপ্টেম্বৰৰ ভিতৰত আফগানিস্তানত থকা সকলো সৈনিকক গৃহভূমিলৈ ওভতাই নিব৷ অৱশ্যে, আমেৰিকা আৰু নাটো বাহিনীয়ে এই সিদ্ধান্ত লোৱাৰ সময়তে আফগানিস্তানৰ বিভিন্ন অঞ্চলত তালিবান তথা অন্যান্য জেহাদী গোটৰ সাংগঠনিক ভেটি সবল হৈছে৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত সন্ত্রাসবাদী আক্রমণত ৩ সহস্রাধিক লোক নিহত হৈছিল৷ এই আক্রমণৰ পিছতে আল–কায়দা আৰু অন্যান্য জেহাদী গোটৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছিল আমেৰিকাই৷ তেতিয়াৰে পৰা এই সৈনিকসকল আফগানিস্তানতে আছে৷

বাগৰাম ঘাটিৰ পৰা মার্কিন বাহিনীৰ প্রত্যাৱর্তনৰ পিছত আফগানিস্তানত এহেজাৰতকৈও কম সৈনিকহে ১১ ছেপ্টেম্বৰলৈকে থাকিব৷

You might also like