নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে গ্ৰেপ্তাৰ, মঙলবাৰে নিৰ্বাচনত জয়লাভ

বিশেষ বাৰ্তা, ১১ জুলাই : সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ)ই কঠোৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। মঙলবাৰে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত জয়ী হয় তেওঁ। ব্যক্তিজন হ’ল পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত বীৰভূমৰ নলহাটীৰ বানিওৰ গাঁও পঞ্চায়তৰ তৃণমূল প্ৰাৰ্থী মনোজ ঘোষ। তেওঁ ৩০৯টা ভোটত জয়লাভ কৰে। মনোজৰ বিজয়ৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুগামী আৰু তৃণমূল কৰ্মী-সমৰ্থকসকলে উল্লাস প্ৰদৰ্শন কৰে। প্ৰসংগক্ৰমে নলহাটীৰ তৃণমূল প্ৰাৰ্থীগৰাকীক সোমবাৰে পঞ্চায়ত নিৰ্বাচনী সভাত বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু আগ্নেয়াস্ত্ৰ ৰখাৰ অভিযোগত এন আই এয়ে গ্ৰেপ্তাৰ কৰে। প্ৰথমে তেওঁক থানালৈ মাতি আনি সোধা-পোছা কৰে। ইয়াৰ পিছতে মনোজক গ্ৰেপ্তাৰ কৰা হয়।

You might also like