তালিবানে ৬৫ শতাংশ দখলৰ পাছত প্রথমবাৰৰ বাবে দেশবাসীক সম্বোধন আফগান ৰাষ্ট্রপতিৰ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ আফগানিস্তানৰ ৬৫ শতাংশ অঞ্চল নিজৰ দখললৈ অনা উগ্রপন্থী সংগঠন তালিবানে ৰাজধানী কাবুল দখলৰ বাবে যুঁজ চলাই আছে৷ চৰকাৰী সামৰিক বাহিনীক উৎখাত কৰি ইখনৰ পাছত সিখন দখল কৰি তালিবানে কাবুলৰ পৰা মাত্র ১৭ কিলোমিটাৰ নিলগত নিজৰ স্থিতি শক্তিশালী কৰাৰ সময়তে আফগান ৰাষ্ট্রপতি আশ্রাফ ঘানিৰ পদত্যাগৰ বাতৰি চর্চিত হৈছে৷ এনে সময়তে ৰাষ্ট্রপতি ঘানিয়ে টেলিভিছনযোগে দেশবাসীক সম্বোধন কৰি কয় যে দেশ এতিয়া ভয়াৱহ অস্থিৰতাৰ মাজত৷ তালিবানে দেশখনৰ উত্তৰ–পশ্চিম আৰু দক্ষিণ অঞ্চলৰ অধিকাংশ দখল কৰিলেও চৰকাৰে সহজতে এই যুঁজৰ পৰা আঁতৰি নাহে৷ দেশখনৰ সামৰিক বাহিনীক পুনৰ শক্তিশালী কৰাটোৱেই প্রথম বুলি দাবী কৰি ৰাষ্ট্রপতিগৰাকীয়ে তালিবানক দেশখন কোনো কাৰণতেই এৰি দিয়া নহ’ব বুলি দেশবাসীক সাহস দিয়ে৷
ইপিনে, ৰাজধানী কাবুলৰ সংলগ্ণ ল’গাৰ প্রদেশ আজি তালিবানে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে৷ সমগ্র প্রদেশখন তালিবানে নিজৰ দখললৈ অনাৰ পাছতেই মাজাৰ–ই–শ্বৰীফ দখলৰ বাবে তীব্র আক্রমণ অব্যাহত ৰাখিছে৷ তাৎপর্যপূর্ণ যে যোৱা বুধবাৰে আফগান ৰাষ্ট্রপতি ঘানিয়ে মাজাৰ–শ্বৰীফলৈ গৈ সেনাবাহিনীক সাহস আৰু উৎসাহ দি তালিবানক প্রত্যাহ্বান জনাবলৈ সামৰিক বাহিনীক নির্দেশ দিছে৷ ইয়াৰ পাছৰে পৰা সামৰিক বাহিনী আৰু তালিবানৰ মাজত প্রচণ্ড যুঁজ চলি আছে৷ বিভিন্ন দিশৰ পৰা তালিবানে সামৰিক বাহিনীৰ ওপৰত আক্রমণ চলাই ব্যতিব্যস্ত কৰি তুলিছে৷ উল্লেখ্য যে আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনীক প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ কৰাৰ পিছৰে পৰাই তালিবানে উজ্জীৱিত শক্তিৰে চৰকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দি দেশখনৰ অধিকাংশ ভূমি দখল কৰিবলৈ সক্ষম হৈছে৷