তামিলনাডুত অঘটন : দুটা আতচবাজী কাৰখানাত বিস্ফোৰণত ১১জনৰ মৃত্যু
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : তামিলনাডুৰ বিৰুদ্ভুনগৰ জিলাত দুটা আতচবাজী কাৰখানাত ভয়াৱহ বিস্ফোৰণ ঘটাত ৯ মহিলাসহ অতি কমেও ১১জন লোকৰ মৃত্যু ঘটিছে৷ এই বিস্ফোৰণত আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে৷ শিৱকাশী হিচাপে বিখ্যাত আতচবাজীৰ নমুনা পৰীক্ষণ কৰিবলৈ ওলাওতে আতচবাজী আৰু জুইশালা কাৰখানাত বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণত ৯ মহিলাসহ ১১জনৰ কৰুণ মৃত্যু ঘটে৷ মুখ্যমন্ত্রী এম কে ষ্টেলিনে নিহতৰ পৰিয়াললৈ ৩ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াইছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে৷