নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনত ৰাছিয়াৰ এই আক্রমণ কিয়?

নিয়মীয়া বাৰ্তা,২৫ ফেব্ৰুৱাৰীঃ বহু কূটনৈতিক আলোচনা আৰু যুদ্ধ নকৰাৰ সংকল্প সত্ত্বেও বৃহস্পতিবাৰে  ইউক্রেইনৰ বিৰুদ্ধে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে কিয় যুদ্ধ ঘোষণা কৰিলে? বিভিন্ন মহলত ধ্বনিত হৈছে এই প্রশ্ন৷ সর্বনাশী যুদ্ধৰ পথ পৰিহাৰ কৰিবলৈ পুটিনক নাটো বাহিনীৰ লগতে বিশ্ব সম্প্রদায়ে আহ্বান জনাই আহিছিল৷ বাৰে বাৰে ইউক্রেইন সীমান্তত সেনা মোতায়েন কৰিও যুদ্ধ নকৰে বুলি প্রতিশ্রুতি দি আহিছিল নেতাগৰাকীয়ে৷ কিন্তু মাত্র দুদিন পূর্বে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে ইউক্রেইনৰ বিদ্রোহী নিয়ন্ত্রিত ড’নেটস্ক আৰু লুজানস্কক স্বাধীন তথা সার্বভৌম গণৰাজ্য বুলি স্বীকৃতি দিয়ে৷ অকল সেয়াই নহয়, এই স্বাধীন গণৰাজ্য দুখনত শান্তি ৰক্ষাৰ বাবে প্রৱেশ কৰা ৰুছ সেনাক বাধা দিব গ’লে একপ্রকাৰ প্রত্যাক্রমণ অৱশ্যম্ভাৱী বুলি ইংগিত দিছিল ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে৷

বৃহস্পতিবাৰে পুৱাৰ ভাগতে ৰাষ্ট্রপতিগৰাকীয়ে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগে দেশখনৰ অভ্যন্তৰত প্রৱেশ কৰে ৰাছিয়াৰ যুদ্ধবিমান আৰু টেংক৷ মুহূর্তৰ ভিতৰতে ইউক্রেইনৰ বিভিন্ন স্থান তচনচ কৰি পেলায় ৰাছিয়াই বোমা, ক্ষেপণাস্ত্র আৰু ৰকেট নিক্ষেপেৰে৷ পূর্বৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পাছৰে পৰা পশ্চিম ইউৰোপ আৰু আমেৰিকাৰ সামৰিক জোঁট নাটোৱে পূব ইউৰোপ অভিমুখে সাংগঠনিক সম্প্রসাৰণৰ প্রচেষ্টা চলাই আহিছে৷ ইয়াৰ বিৰোধ কৰি আহিছে ৰাছিয়াই৷ সেই দিশৰ পৰা চাবলৈ গ’লে ৰাছিয়াৰ সৈতে নাটোৰ আছে এক দীর্ঘদিনীয়া শত্রুতা৷ বিগত কেইবছৰমান ধৰি পূব ইউক্রেইনৰ চৰকাৰী বাহিনীৰ সৈতে ৰাছিয়ান মদতপুষ্ট বিদ্রোহীসকলৰ যুদ্ধ চলি আহিছে৷ পৰিস্থিতি আটাইতকৈ ভয়াৱহ হৈ উঠে ২০১৪ চনত৷ সেই বছৰ নির্বাচনত ইউক্রেইনৰ নাগৰিকসকলে ৰুছপন্থী এজন শীর্ষ নেতাক দেশৰ ৰাষ্ট্রপতি পদৰ পৰা আঁতৰাই আনে ভোটাধিকাৰ প্রয়োগৰ জৰিয়তে৷ বিষয়টোক লৈ মস্কো প্রশাসন অসন্তুষ্ট হৈছিল৷ তেতিয়াৰে পৰা ইউক্রেইনৰ সৈতে ৰাছিয়াৰ মতানৈক্য চলি আহিছে৷

ইফালে ক্রিমিয়া দখল কৰি লয় ৰাছিয়াই৷ গতিকে ২০১৪ৰ পৰাই শত্রুতাই সাৰ–পানী লাভ কৰি আহিছিল৷ ইয়াৰ পাছত ৰাছিয়াৰ ওপৰত এলানি নিষেধাজ্ঞা জাৰি কৰিছিল আমেৰিকাই৷ আমেৰিকাৰ এই নিষেধাজ্ঞা সত্ত্বেও ৰাছিয়াই যুদ্ধংদেহি মনোভাব সলনি কৰাৰ চেষ্টা নকৰিলে৷ ওলটাই ইউক্রেইনত বিচ্ছিন্নতাবাদীসকল সহায় কৰি আহিছে৷ সেই বিদ্রোহীসকলৰ উদ্দেশ্য আছিল পূব ইউক্রেইন দখল কৰি পৃথক ৰাষ্ট্র গঠন কৰা৷ এই বিষয়টোক লৈ ক্ষুব্ধ হৈছিল ইউক্রেইন৷ গতিকে শৰণাপন্ন হৈছিল নাটোৰ৷ ইয়াৰ পৰাই বিষয়টো অন্য দিশে গতি কৰে৷ নাটোৰ সৈতে ইউক্রেইনৰ ঘনিষ্ঠতা যিমানেই বৃদ্ধি পাইছে, সিমানেই ক্ষুব্ধ হৈছে ৰাছিয়া৷ বিগত কেইবছৰমান ধৰি ইউক্রেইনৰ সেনা আৰু ৰাছিয়াৰ সহায় লাভ কৰা বিদ্রোহীসকলৰ মাজত চলা সংঘর্ষত কমপক্ষেও ১৪ হাজাৰ লোক নিহত হৈছে৷ এনে পৰিস্থিতিৰ পৰাই যুদ্ধৰ আশংকা স্পষ্ট হৈ পৰিছিল৷

ইফালে ৰাছিয়াই সমগ্র ভৌগোলিক পৰিস্থিতিৰ সুযোগ লৈ আহিছে৷ ভৌগোলিক দিশৰ পৰা শত্রুপক্ষৰ বাবে ৰাছিয়া সদায় দুর্ভেদ্য অঞ্চল হিচাপে চিহ্ণিত হৈ আহিছে৷ দেশখন হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম৷ প্রতিপক্ষ যদি ৰাছিয়াত প্রৱেশ কৰিবলৈ সক্ষমো হয়, তেন্তে শস্যত জুই জ্বলাই ক্রমে পিছুৱাই গৈ থাকে ৰুছ বাহিনী৷ প্রতিৰক্ষাৰ কৌশলগত কাৰণতেই ইউক্রেইন দখল কৰি পূব ইউৰোপ আৰু নিজৰ মাজত এক ‘বাফাৰ জ’ন’ প্রস্তুত কৰাৰ বাবেই পৰিকল্পনা চলাই আহিছে ৰুছ ৰাষ্ট্রপতি পুটিনে৷ সেই বাবে যিকোনো প্রকাৰে ইউক্রেইন দখল কৰিব বিচাৰে ৰাছিয়াই৷ লক্ষণীয় দিশটো হৈছে ৰুছ ৰাষ্ট্রপতিগৰাকী এক সমৰ বিশেষজ্ঞ হোৱাৰ উপৰি কূটনৈতিকভাৱেও সুদক্ষ৷

এইবাৰ সেই কথাৰে প্রমাণ দাঙি ধৰিলে পুটিনে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে বাৰে বাৰে সকীয়নি দিয়া সত্ত্বেও পুটিনে কোনোধৰণৰ গুৰুত্ব নিদিলে৷ গতিকে ড’নেটস্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্র ঘোষণা কৰি ইউক্রেইন দখলৰ প্রথমটো পদক্ষেপত সফলতা দেখুৱাবলৈ সক্ষম হয় পুটিনে৷ পুটিনৰ এই কূটনৈতিক চাতুর্য সত্ত্বেও নাটো বাহিনীয়ে ইউক্রেইনক সম্ভাব্য আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ অগ্রসৰ হোৱাৰ তৎপৰতা নেদেখুৱালে৷ গতিকে এই সুযোগ গ্রহণ কৰি বৃহস্পতিবাৰে পুৱাৰ ভাগতে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে পুটিনে৷

You might also like