আন্তঃৰাষ্ট্ৰীয়দেশ বিদেশ নাগৰিকক বিনামূল্যে ‘ক’ৰোনা ভেকচিন’ দিয়াৰ প্রতিশ্রুতি দিলে এইখন দেশে By নিয়মীয়া বাৰ্তা On Aug 20, 2020 Share নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ বিশ্বত প্রতিনিয়ত বৃদ্ধি পাই গৈ আছে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ ভয়ংকৰ হাৰত হোৱা এই সংক্রমণ নিয়ন্ত্রণলৈ আনিব পাৰিব একমাত্র ভেকচিন বা প্রতিষেধকে৷ কিন্তু বর্তমানপর্যন্ত গৱেষণাগাৰত ইয়াৰ কোনো ফলপ্রসূ সমাধান সূত্র ওলোৱা নাই৷ অৱশ্যে সম্ভাব্য কেইবাটাও ভেকচিন সম্প্রতি বিভিন্ন পর্যায়ত আছে৷ ইয়াৰ মাজতে এক ঘোষণা কৰিছে অষ্ট্ৰেলিয়াৰ(Australia) প্রধানমন্ত্রী স্কট মৰিছন। তেওঁ জনাইছে, প্রতিষেধক বজাৰলৈ আহিলেই দেশৰ সকলো নাগৰিককে বিনামূল্যে এই প্রতিষেধক দিয়া হ’ব। Share