নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বন্দী সৈনিকক শীঘ্রে ওভতাই বিচাৰিলে বেইজিঙে

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  পূব লাডাখৰ এল এ চি অতিক্রম কৰি ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰা চীনা সৈনিক এজনক ভাৰতীয় বাহিনীয়ে আটক কৰা বিষয়টোক লৈ অসন্তুষ্টি প্রকাশ কৰিছে চীনে৷ কালি বেইজিং প্রশাসনে শীঘ্রে বন্দী সৈনিকজনক চীনা ভূখণ্ডলৈ ওভতাই পঠাবলৈ ভাৰতক আহ্বান জনাইছে৷ উল্লেখনীয় যে লাডাখ সীমান্তত বিভ্রান্ত হৈ পি এল এৰ সতীর্থ সৈনিকসকলৰ পৰা ভাৰতত বন্দী হোৱা সৈনিকজনক বিচ্ছিন্ন হৈছিল বুলি উল্লেখ কৰিছে বেইজিং প্রশাসনে৷

শুকুৰবাৰে পূব লাডাখৰ পাংগং ছোৰ দক্ষিণ প্রান্তত বন্দী কৰা হৈছিল চীনা সৈনিকজনক৷ পূব লাডাখত ভাৰত আৰু চীনে উত্তেজনা অব্যাহত থকাৰ মাজতে অতিৰিক্তভাৱে মোতায়েন কৰিছে সৈনিক৷ উভয় পক্ষই এল এ চিৰ নিজ নিজ ভূখণ্ডত সৈনিক মোতায়েন কৰা সময়তে চীনা সৈনিকজনে ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰিছিল৷ কালি ভাৰতীয় বাহিনীয়ে এই কথা সদৰী কৰাৰ পিছত বিষয়টোক লৈ সেনাৰ শীর্ষ পর্যায়ৰ বিষয়াসকলৰ মাজত আলোচনা অব্যাহত আছে৷

You might also like