নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেটিং প্লেটফর্মত বছৰি ৮.২০ লাখ কোটিৰ জুৱা 

🔹 আইপিএলৰ পৰা বিশ্বকাপ ক্রিকেটলৈ দেশত বাজিৰ পয়োভৰ

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : সম্প্রতি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা চলি আছে৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)ৰ পাছত সর্বত্র ক্রিকেটৰ উন্মাদনা৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কণ্ঠত নিগৰিছিল– এই পৃথিৱী এক ক্রীড়াংগন/ক্রীড়া হ’ল শান্তিৰ প্রাংগণ৷ কিন্তু একাংশ মুনাফালোভী–অসাধু চক্রই ক্রীড়াক এতিয়া জুৱাৰ থলীলৈ পর্যবসিত কৰিছে৷ আইপিএলৰ পৰা বিশ্বকাপ ক্রিকেটলৈকে, সকলোতে অবৈধ বাজি–জুৱাৰ পয়োভৰ৷ শুনি আচৰিত হ’ব– বেটিং প্লেটফর্মযোগে ভাৰতত বছৰি ৮.২০ লাখ কোটি টকা জুৱাত বিনিয়োগ হয়৷ পিছে অবৈধভাৱে হোৱা এই জুৱাৰ ফলত কেন্দ্রীয় চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ নির্দিষ্ট নিয়ম অনুসৰি জুৱাত ধার্য কৰা আছে ২৮ শতাংশ পণ্য সেৱা কৰ (জিএছটি)৷ কিন্তু ৮.২০ লাখ কোটি টকাৰ এই জুৱা অবৈধ হোৱা বাবে কেন্দ্রীয় চৰকাৰে বছৰি হেৰুৱাইছে ২,২৯,৬০০ কোটি টকাৰ ৰাজহ৷ –এনে উদ্বেগজনক তথা গুৰুত্বপূর্ণ তথ্য থিংক চেঞ্চ ফ’ৰাম (টিচিএফ) নামৰ সংস্থাটোৰ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে৷ বহু লোকক সর্বস্বান্ত কৰা ক্রিকেট তথা ক্রীড়াকেন্দ্রিক জুৱা সন্দর্ভত প্রতিবেদনখনত সন্নিৱিষ্ট কৰা হৈছে কেতবোৰ চিন্তনীয় দিশ৷ মূলতঃ ডিজিটেল আন্তঃগাঁথনিৰ বিকাশ, স্মার্টফোনৰ ব্যৱহাৰ, এথলেটিক ইভেণ্টৰ সম্প্রসাৰণ আদিৰ সুযোগ লৈ অসাধু চক্রই দিনকদিনে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ জুৱাৰ জালখন বিয়পাই দিছে৷ ভাৰতত ক্রিকেটৰ জনপ্রিয়তাৰ কথা উল্লেখৰ নিষ্প্রয়োজন৷ সাধাৰণতে দেশত ১৪ কোটিতকৈও অধিক লোকে নিয়মীয়াকৈ বেটিং প্লেটফর্মযোগে জুৱা খেলে৷ কিন্তু আইপিএলৰ সময়ত অসাধু চক্রই এই বেটিং প্লেটফর্ম অধিক সক্রিয় কৰি তোলে৷ আইপিএলৰ খেল চলি থকাৰ দিনবোৰত জুৱা খেলা লোকৰ সংখ্যা হয়গৈ ৩৭ কোটিতকৈও অধিক৷ নিয়ন্ত্রণমূলক নিষেধাজ্ঞা আৰোপিত হৈ থকা সত্ত্বেও অবৈধ জুৱাৰ বজাৰখন দিনকদিনে সম্প্রসাৰিত হৈ গৈ আছে৷ এনে কার্যকলাপক বাধা দিবলৈ টিচিএফৰ প্রতিবেদনখনত অফশ্ব’ৰ বেটিং প্লেটফর্ম নিৰীক্ষণৰ হকে এটা টাস্ক ফ’ৰ্চ গঠনৰ উপৰি অফশ্ব’ৰ অপাৰেটৰসকলক ভাৰতত পঞ্জীয়ন কৰাবলৈ বাধ্য কৰোৱাৰ পৰামর্শ দিয়া হৈছে৷ এনে কঠোৰ ব্যৱস্থা অবিহনে বৈধ গেমিং কোম্পানীসমূহৰ পৰা অবৈধ বেটিং প্লেটফর্ম আৰু অফশ্ব’ৰ অপাৰেটৰলৈ পৰিণত কৰিব পাৰে৷ যাৰ ফলত চৰকাৰৰ যথেষ্ট ৰাজহ লোকচান হোৱাৰ সম্ভাৱনা প্রকট৷ প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ভাৰতৰ বিনিময় নিয়ন্ত্রণ অধিনিয়মৰ অধীনত জুৱাৰ লেনদেনত নিষেধাজ্ঞা আৰোপ কৰাটোৱেই অফশ্ব’ৰ জুৱা প্রতিষ্ঠানসমূহক দেশৰ ভিতৰত আৰু বাহিৰত ধন হস্তান্তৰ কৰাৰ ক্ষেত্রত গোপনীয়তা অৱলম্বন কৰিবলৈ বাধ্য কৰে৷ হাৱালা, ক্রিপ্টোকাৰেঞ্চী আৰু অন্যান্য অবৈধ চেনেলৰ জৰিয়তে ধনৰ যোগান ধৰা হয়৷ এনেধৰণৰ কার্যকলাপ সম্প্রতি দেশৰ আর্থিক স্থিতিশীলতাৰ প্রতি ভাবুকিৰ কাৰক হৈ পৰিছে৷ তদুপৰি গোপনে হস্তান্তৰ কৰা এই ধন বে–আইনী কার্যকলাপতো ব্যৱহাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ যদি সেয়াই হয়, তেন্তে ই জনশৃংখলা আৰু ৰাষ্ট্রীয় নিৰাপত্তাৰ বাবেও ভাবুকি হৈ পৰিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ভাৰতীয় লোকক বিশেষভাৱে টার্গেট কৰি ৭৫টাতকৈও অধিক বেটিং আৰু গেম্বলিং ছাইট বর্তমানে সক্রিয় হৈ আছে৷ ইয়াৰে বহুকেইটা ছাইট আইনী নিষেধাজ্ঞাৰ পিছতো সক্রিয় কৰি ৰাখিছে বিদেশৰ পৰা নিয়ন্ত্রিত অসাধু চক্রই৷ প্রতিবেদনখনত দাবী কৰা মতে, ভাৰতীয় লোকক জুৱাৰ জালখনত পেলাবলৈ অসাধু চক্রই বলীউডৰ জনপ্রিয় অভিনেতা আৰু ক্রীড়াবিদ তেওঁলোকৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে থকা বুলি ছাইটত উল্লেখ কৰে৷ যদিহে এক স্বনিয়ন্ত্রিত সংস্থা (এছআৰঅ’) গঠনত পলম হয়, তেন্তে অবৈধ অফশ্ব’ৰ বেটিং ছাইটসমূহে ভেঁকুৰৰ দৰে ছানি ধৰিব৷ এছআৰঅ’ অবিহনে বৈধ আৰু অবৈধ অপাৰেটৰসকলক শ্রেণীভুক্ত কৰাৰ কোনো কর্তৃত্বশীল কর্তৃপক্ষ নাথাকিব বুলিও স্পষ্টভাৱে কোৱা হৈছে টিচিএফৰ প্রতিবেদনখনত৷

You might also like