কেবিনেটৰ সদস্যৰ নাম বাছনি বাইডেনৰ
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ আগন্তুক জানুৱাৰীত ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰিবলগীয়া আমেৰিকাৰ ডেম’ক্রেটিক নেতা জ’ বাইডেনে তেওঁৰ কেবিনেটৰ সদস্যসকলৰ নাম বাছনি প্রক্রিয়া আৰম্ভ কৰিছে৷ সোমবাৰে হোৱাইট হাউছৰ নতুন অর্থনৈতিক নীতি গ্রহণ কৰিবলগীয়া বিষয়ববীয়াৰ দলৰ সদস্যসকলৰ নাম বাছনি কৰিছে বাইডেনে৷ এই অর্থনৈতিক নীতি নির্ধাৰক বিষয়াৰ দলৰ মুৰব্বী হিচাপে ৰখা হৈছে প্রাক্তন বেংক বিষয়া জানেট য়েলেনক৷ য়েলেন হ’ব জ’ বাইডেনৰ কেবিনেটৰ কোষাগাৰ সচিব৷ ইফালে মেনেজমেণ্ট আৰু বাজেট কার্যালয়ৰ দায়িত্বত ৰখা হৈছে পূর্বৰ অ’বামা প্রশাসনৰ বিশ্বস্ত বিষয়া নীৰা টাণ্ডেনক৷ এণ্ট’নী ব্লিংকেনৰ নাম বাছনি কৰা হৈছে বিদেশ সচিব হিচাপে৷
সেইদৰে ডেম’ক্রেটিক নেতাগৰাকীয়ে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা হিচাপে বাছনি কৰিছে জেক ছুলিভানক৷ হোমলেণ্ড ছিকিউৰিটীৰ বাবে কিউবাত জন্মগ্রহণ কৰা অধিবক্তা আলেজাণ্ড্রো মায়ৰকাছৰ নাম বাছনি কৰিছে বাইডেনে৷ অৱশ্যে এই নেতাসকলৰ নাম এতিয়াও থিৰাং কৰা হোৱা নাই৷ নেচনেল ইণ্টালিজেন্সৰ সঞ্চালক পদৰ বাবে এব্রিল হাইনছৰ নাম বাছনি কৰিছে জ’ বাইডেনে৷ প্রথমবাৰৰ বাবে মহিলাই এই গুৰুত্বপূর্ণ পদ লাভ কৰিবলৈ সক্ষম হ’ব বাইডেনৰ কেবিনেটত৷ ইয়াৰ পূর্বে কলম্বিয়া বিশ্ববিদ্যালয়ত বিভিন্ন দায়িত্ব পালন কৰিছিল মহিলাগৰাকীয়ে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘত আমেৰিকাৰ কূটনীতিক হিচাপে বাইডেনে লিণ্ডা থমাছ–গ্রীনফিল্ডক বাছনি কৰিছে৷ জলবায়ুৰ ক্ষেত্রত ৰাষ্ট্রপতিৰ বিশেষ কূটনীতিক হিচাপে বাছনি কৰা হৈছে জন টেৰীক৷ প্রতিৰক্ষা সচিব হিচাপে মাইকেল ফ্লার্নয়কে ধৰি কেইবাগৰাকীও নেতাৰ নাম বাছনি কৰা হৈছে৷ লক্ষণীয়ভাৱে এটর্নী জেনেৰেল, শক্তি সচিব আদি পদৰ বাবেও বাইডেনে কেইবাগৰাকীও নেতাৰ নাম বাছনি কৰিছে৷