নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেনৰ ঘোষণাঃ ইউক্রেইনত যুদ্ধত অংশগ্রহণ নকৰে মার্কিন সেনাই

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ সৈতে পৰোক্ষভাৱে যুদ্ধৰ বাবে উচটনি দিয়া আমেৰিকা যুক্তৰাষ্ট্রই অৱশেষত ওলোটাখৰ মাৰিলে৷ ইউক্রেইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্রই ইউক্রেইনক সেনাৰে সহযোগ কৰাৰ বিপৰীতে কেৱল অর্থনৈতিক নিষেধাজ্ঞাতে সীমাবদ্ধ ৰাখিলে৷ ইউৰোপৰ পূব প্রান্তৰ দেশ ইউক্রেইনত আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন নাটো বাহিনীৰ ঘাটি তথা ইউক্রেইনক নাটোৰ সদস্য হিচাপে অন্তর্ভুক্তি কৰাৰ অভিসন্ধিৰ ফলতে চুবুৰীয়া ৰাষ্ট্র ৰাছিয়াৰ সৈতে ইউক্রেইনৰ সংঘাত আৰম্ভ হয়৷ এই সংঘাত অতি তীব্রতৰ হৈ পৰে যেতিয়াই আমেৰিকা যুক্তৰাষ্ট্রই ইউক্রেইনক সকলো প্রকাৰে সহযোগিতাৰ আশ্বাস দিয়ে৷ ৰাছিয়াই ইউক্রেইনক আক্রমণ কৰিলে ৰাছিয়াই ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি আমেৰিকাই সকীয়নি দি থকাৰ লগতে ইউক্রেইনক ৰাছিয়াৰ সৈতে সংঘাতৰ বাবে উচটনি দিয়ে৷

ইপিনে ইউক্রেইনক লৈ ৰাছিয়াৰ সৈতে কূটনীতিত সম্পূর্ণভাৱে আমেৰিকা ব্যর্থ হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্রই ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধত তেওঁলোকৰ দেশৰ সেনা নপঠিয়ায় বুলি ঘোষণা কৰিছে৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে ৰাছিয়াৰ বিৰুদ্ধে ইটোৰ পাছত সিটো নিষেধাজ্ঞা জাৰি কৰিলেও ইউক্রেইনৰ যুদ্ধত আমেৰিকাৰ সেনাই অংশগ্রহণ নকৰে বুলি স্পষ্টভাৱে প্রকাশ কৰিছে৷

মন কৰিবলগীয়া যে ইউক্রেইনৰ ওপৰত ৰাছিয়াই বিধ্বংসী আক্রমণ চলোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ইউক্রেইনক সহায় কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রতে একাংশ লোকে ৰাষ্ট্রপতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে৷ ৱাশ্বিংটনৰ হোৱাইট হাউছৰ সন্মুখত একাংশ লোক সমৱেত হৈ ইউক্রেইনক সহায় কৰাৰ বাবে ৰাষ্ট্রপতিক দাবী জনাইছে৷ ইপিনে যুদ্ধংদেহি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে শুকুৰবাৰে পশ্চিমীয়া দেশৰ প্রতি আগ্রাসী মনোভাব লৈ গ্রেট ব্রিটেইনৰ বিমানৰ বাবে ৰাছিয়াৰ আকাশমার্গ নিষেধাজ্ঞা ঘোষণা কৰিছে৷

You might also like