নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়কৰ আদায়ৰ বাবে সম্পত্তি হ্রাস বাইডেন–হেৰিছৰ

নিয়মীয়া বাৰ্তা, ১৯ মেঃ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ উপার্জন ২০২০ চনত নাটকীয়ভাৱে হ্রাস পাইছিল৷ বাইডেনৰ উপার্জন উক্ত বর্ষটোত ৬,০৭,৩৩৬ ডলাৰলৈ হ্রাস পাইছিল আইকৰ আদায় দিয়াৰ বাবে৷ বাইডেল আৰু ফার্ষ্টলেডী জিলে বর্ষটোত আয়কৰ আদায় দিছিল ১,৫৭,৪১৪ ডলাৰ৷ অর্থাৎ বর্ষটোত আয়কৰ হিচাপে বাইডেন দম্পতীয়ে আদায় দিছিল ২৫.৯ শতাংশ ধন৷ ব্লুমবার্গ নিউজে আজি এক প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷

ইফালে ডেলাৱাৰে প্রদেশৰ কৰ হিচাপে বাইডেন দম্পতীৰ ২৮৭৯৪ ডলাৰ আদায় দিয়াৰ উপৰি ভার্জিনিয়াত আদায় দিছিল ৪৩৩ ডলাৰ৷ সেইদৰে ২০২০ চনত কমলা হেৰিছৰ আৰু তেওঁৰ স্বামী ডগ এমহ’ফে আদায় দিছিল ৬,২১,৮৯৩ ডলাৰ আয়কৰ৷ তেওঁলোকৰ বর্ষটোত মুঠ উপার্জন আছিল ১৬,৯৫,২২৫ ডলাৰ৷ অর্থাৎ মুঠ উপার্জনৰ ৩৬.৭ শতাংশ ধন আয়কৰ হিচাপে আদায় দিছিল হেৰিছ দম্পতীয়ে৷

You might also like